NORTHEAST NOW (Assamese)

আজিও মুকলি নহ’ল মাজুলীৰ ধোদাঙত ৭ বছৰ পূৰ্বে নিৰ্মিত ৩০খন বিচনাযুক্ত চিকিৎসালয়

August 1, 2018 11:50 am · মিটু খাটনিয়াৰ
প্ৰতিনিধিত্বমূলক চিত্ৰ

মাজুলীৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন বৃহত্তৰ আহতগুৰিবাসীক উন্নতমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে ধোদাঙত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছিল ৩০খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়। নিৰ্মাণ কাৰ্য ঠিকেই সম্পূৰ্ণ হ’ল সাত বছৰ পূৰ্বেই, কিন্তু আজিলৈ মুকলিহে নহ’ল চিকিৎসালয়খনৰ দুৱাৰ।

উল্লেখ্য যে সত্তৰ দশকতে মাজুলীৰ বৃহত্তৰ মৌজা আহতগুৰিৰ দুখনকৈ গাঁও পঞ্চায়ত ক্ৰমে আহতগুৰি আৰু দক্ষিণ আহতগুৰি ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াৰ কবলত পৰি মাজুলীৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। প্ৰায় দহ হাজাৰৰো অধিক লোকৰ বসতিপূৰ্ণ দূৰ্গম চাপৰি সমুহক সামৰি আছে এই দুখন পঞ্চায়ত।

এতিয়াও উক্ত পঞ্চায়ত দুখনত স্বাস্থ্যসেৱাৰ অৱস্থা পয়ালগা। স্বাস্থ্য সেৱাৰ নামত বৃহত্তৰ অঞ্চলটোত আছে মাথো এটা উপ-স্বাস্থ্য কেন্দ্ৰ। মাজুলীৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন অঞ্চলটোৰ লোকসকলে উন্নত চিকিৎসাৰ বাবে যাব লগা হয় যোৰহাট অথবা গোলাঘাটলৈ।

উল্লেখ্য যে পঞ্চায়ত দুখনৰ ৰাইজৰ প্ৰবল দাবীৰ পৰিপেক্ষিতত দক্ষিন আহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ধোদাং চাপৰিৰ উজিৰ আটীত ২০১২ চনত নিৰ্মাণ কৰা হৈছিল ৩০খন বিচনাযুক্ত চিকিৎসালয় খন । কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ ৭ বছৰৰ পিছতো আজি পৰ্যন্ত কিয় চিকিৎসালয়খন মুকলি কৰা নাই তাক লৈ জনসাধাৰণৰ মাজত প্ৰশ্নৰ উদ্বেগ হোৱাৰ লগতে ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী ৰাইজ।

এতিয়া পৰ্যাপ্ত চিকিৎসক, নাৰ্চ, কৰ্মচাৰী নিযুক্তি দি শীঘ্ৰে চিকিৎসালয় খন ৰাইজৰ সেৱাত মুকলি কৰাৰ বাবে আহ্বান জনাইছে ৰাইজে।

Related News