আজিৰে পৰা আৰম্ভ ইণ্ডিয়া-আছিয়ান কাৰ ৰেলী ২০১৮

কাৰ ৰেলী

আজি গুৱাহাটীত শুভাৰম্ভণি কৰা হ’ব বহু প্ৰতীক্ষিত ইণ্ডিয়া-আছিয়ান কাৰ ৰেলী ২০১৮ৰ। বুধবাৰে এক প্ৰেছ বিবৃতিৰ যোগে এই কথা জানিবলৈ দিয়ে নৰ্থ-ইষ্ট ফেডাৰেশ্যন অফ ইণ্টাৰনেশ্যনেল ট্ৰেডে (এন ই এফ আই টি)। ৪খন দেশৰ মাজেৰে পাৰ হৈ যাবল’গীয়া কাৰ ৰেলীটোৱে ২৪ দিনত প্ৰায় ৭০০০ কি.মি অতিক্ৰম কৰিব।

এন ই এফ আই টিয়ে আয়োজন কৰা উক্ত ৰেলীটো গুৱাহাটীৰ পৰা আৰম্ভ হৈ নাগালেণ্ড, মণিপুৰৰ লগতে ম্যানমাৰৰ কালয়েমো, মান্দালায়া, বাগান আৰু য়াংগোনৰ উপৰি থাইলেণ্ডৰ বেংকক হৈ লাওচৰ ৰাজধানী ভিয়েনটিয়ানত উপস্থিত হ’ব।

উক্ত মেগা ইভেণ্টটোত সমগ্ৰ দেশৰ পৰা প্ৰায় ৫০ গৰাকী উৎসাহী অংশগ্ৰহনকাৰীয়ে ভাগ ল’ব বুলি আশা কৰা হৈছে।

উদ্যোক্তা সকলে জনোৱা অনুসৰি ৰেলীটোৰ বাবে গাড়ীসমূহক টাটা মটৰ্ছে স্পন্সৰ কৰিব। আনহাতে গুৱাহাটীত অহা ৩ ফেব্ৰুৱাৰিত এডভাণ্টেজ অসম বাণিজ্য সন্মিলনৰ সৈতে একে সময়তে অনুষ্ঠিত হ’ব লগীয়া ৰেলীটোৰ সামৰণি অনুষ্ঠানত টাটা ছ’নছৰ প্ৰাক্তন অধ্যক্ষ ৰটন টাটা উপস্থিত থকাৰ সম্ভাৱনা আছে।

অইল ইণ্ডিয়া লিমিটেড, বহ্নিমান ছীছটেমছ, গ’নাণ্ড আদিয়ে সহায় আগবঢ়োৱা ৰেলীটোত  অসম চৰকাৰৰ লগতে নাগালেণ্ড আৰু মণিপুৰ চৰকাৰে ৰচদ-পাতিৰ ব্যৱস্থা কৰিব।