আজিৰে পৰা জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা মহোৎসৱ, আহিব ৰাজনাথ সিং

Baresohoria Bhaona Mahotsav

প্ৰতিনিধিত্বমূলক ছবি

আজিৰে পৰা জামুগুৰিহাটত চাৰিদিনীয়া কাৰ্যসূচীৰে ‍বাৰেচহৰীয়া ভাওনা মহোৎসৱ আৰম্ভ হৈছে।

এই উপলক্ষে জামুগুৰিহাটত এক বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

সিংহাসন প্ৰতিষ্ঠাৰে শুভাৰম্ভ হ’ব লগীয়া বাৰেচহৰীয়া ভাওনাৰ ক্ষেত্ৰ উন্মোচন কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

১ৰ পৰা ৪ মাৰ্চলৈকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত অনুষ্ঠিত হ’বলগীয়া ২২০ বছৰীয়া ঐতিহ্যমণ্ডিত এই ভাওনা মহোৎসৱক সৰ্বাংগ সুন্দৰ ৰূপত উদযাপনৰ প্ৰায় ৮০ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছিল।

আনহাতে অতি আকৰ্ষণীয় আৰু অৰ্থৱহভাৱে নিৰ্মাণ কৰি তোলা বিশাল মণ্ডপৰ ২১খন খোলত জামুগুৰিহাটৰ ২২টাকৈ বিভিন্ন ধৰ্মীয় পন্থাই ২ আৰু ৩ মাৰ্চত ৪২খনকৈ অংকীয়া তথা ৰামায়ণ-মহাভাৰতৰ নাট অনুষ্ঠিত কৰিব।

উল্লেখযোগ্য যে বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰথম দিনটোত উপস্থিত থকাৰ উদ্দেশ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ ভ্ৰমণক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

জানিব পৰা মতে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কুসুমতোলাস্থিত দ্বাদশ অসম আৰক্ষী বাহিনীৰ খেলপথাৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা হেলিপেডত গৃহ মন্ত্ৰী গৰাকী উপস্থিত হ’ব।

ইয়াৰ পিছতে তেওঁ বিশেষ বাহনেৰে পকামূৰা পথাৰলৈ ৰাওনা হ’ব। মহোৎসৱটোত অংশগ্ৰহণ কৰি উঠি আবেলি তেওঁ পুনৰ দিল্লীলৈ উভতি যোৱাৰ কথা।