আজি ডিমাপুৰ চিৰিয়াখানাৰ পৰা গুৱাহাটী চিৰিয়াখানালৈ অনা হ’ব এটা হলৌ বান্দৰ

male Capped Langur

প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰথমবাৰৰ বাবে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা আৰু নাগালেণ্ডৰ ডিমাপুৰ চিৰিয়াখানাৰ মাজত হৈছে জন্তুৰ বিনিময় কাৰ্যসূচী। গুৱাহাটী আৰু ডিমাপুৰ চিৰিয়াখানাৰ মাজত হোৱা জন্তু বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে আজি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ অনা হ’ব এটা হলৌ বান্দৰ ।

গুৱাহাটী চিৰিয়াখানা কৰ্তৃপক্ষই আগভাগ লোৱা জন্তু বিনিময় প্ৰক্ৰিয়াত ডিমাপুৰ চিৰিয়াখানা কৰ্তৃপক্ষই উল্লেখণীয় সহাৰি আগবঢ়োৱা বুলি গুৱাহাটী চিৰিয়াখানা কৰ্তৃপক্ষই জানিবলৈ দিয়ে। প্ৰথম কাৰ্যসূচী হিচাপে দেওবাৰৰ দিনটোত গুৱাহাটী চিৰিয়াখানাৰ পৰা ডিমাপুৰলৈ এটা মতা হলৌ বান্দৰ প্ৰেৰণ কৰা হয়। আৰু সোমবাৰে অৰ্থাৎ আজি ডিমাপুৰ চিৰিয়াখানা কৰ্তৃপক্ষই গুৱাহাটীলৈ এজনী মাইকী হলৌ বান্দৰ প্ৰেৰণ কৰিব।

উল্লেখ্য যে অসম ৰাজ্যিক চিৰিয়াখানাত কেৱল মতা হলৌ বান্দৰ আৰু ডিমাপুৰত কেৱল মাইকী হলৌ বান্দৰ হে আছে। সেয়ে হলৌ বান্দৰৰ প্ৰজনন বৃদ্ধি কৰাৰ উদ্দেশ্যে আমি দুয়োখন চিৰিয়াখানাই এই জন্তু বিনিময় কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰিছো। গুৱাহাটী চিৰিয়াখানা কৰ্তৃপক্ষৰ এগৰাকী বিষয়াই এই কথা জানিবলৈ দিয়ে।

মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বেও গুৱাহাটী চিৰিয়াখানাত কৃষ্ণ মৃগ, বাঘ আদি জন্তু দেশৰ অন্য প্ৰান্তৰ চিৰিয়াখানাৰ পৰা অনা হৈছিল।