আঞ্চলিক দলৰ বাদে আন কোনো দলে জাতি-মাটি-ভেটিৰ সুৰক্ষা দিব নোৱাৰে : অতুল বৰা

AGP-press-meet-570x320

ৰাজ্যত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত আঞ্চলিক দল তথা বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ অগপৰ মজিয়া আজি শক্তিশালী কৰিলে কেইখনমান নতুন মুখে।

আজি দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছৰ নলবাৰীৰ যুৱ নেতা কিশোৰ হাজৰিকাৰ। কিশোৰ হাজৰিকা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল।

আনহাতে বিজেপি দলৰ ধৰমপুৰ ব্লক কমিটীৰ প্ৰাক্তন সাধাৰণ সম্পাদক মৃদুল হাজৰিকায়ো আজি দলটোত যোগদান কৰিছে।

এওঁলোক দুজনৰ লগতে আন্তঃৰাষ্ট্ৰীয় কুংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ, প্ৰাক্তন আছু নেতা চন্দন হালৈ, জাহ্নবী ম’বাইল থিয়েটাৰ ডিম্বেশ্বৰ কলিতাৰ লগতে অন্যান্য কেইবাজনেও দলটোত যোগদান কৰে।

আজি গুৱাহাটীৰ আমবাৰীস্থিত দলটোৰ মুখ্য কাৰ্য্যালয়ত এটা অনুষ্ঠানৰ জৰিয়তে এইসকলে যোগদান কৰে। দলৰ সভাপতি অতুল বৰা আৰু বিধায়ক প্ৰবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক কমলা কলিতাৰ লগতে হাঁহ কুকুৰা, পশুধন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়াই এই অনুষ্ঠানটোত উপস্থিত আছিল।

দলটোত যোগদান কৰি প্ৰাক্তন কংগ্ৰেছ নেতা কিশোৰ হাজৰিকাই কয়, “ৰাষ্ট্ৰীয় দলৰ হাতত অসমে এটা অনিশ্চিত ভৱিষ্যতৰ দিশত গতি কৰিছে। গতিকে আঞ্চলিক দলক শক্তিশালী কৰা এয়াই উপযুক্ত সময়।”

আনহাতে স্বাভাৱিকতে উৎসাহিত হৈ পৰা দলৰ সভাপতি অতুল বৰাই কয়, “ৰাজনৈতিক দলৰ বিকল্প নাই। আঞ্চলিক দলৰ বাদে আন কোনো দলে জাতি-মাটি-ভেটি সুৰক্ষা দিব নোৱাৰে।”

তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ লগতে কয়, “২০১৬ চনৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰাটো সময়ৰ প্ৰয়োজন আছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। এতিয়া বৰাকতো অগপক আদৰি লৈছে।”