NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত স্বৰ্ণ পদকেৰে উজলিল জাঁঁজী ফুলপানীছিগাৰ জয়শ্ৰী চেতিয়া

June 1, 2018 9:10 pm · ৰাজীৱ দত্ত

যোৱা ২২ মে’ৰ পৰা ২৪ মে’লৈকে নতুন দিল্লীৰ তালকতৰা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইণ্ডিয়া ইন্টাৰনেশ্বনেল টাইকোৱানডো চেম্পিয়নচিপৰ চাব জুনিয়ৰ শাখাত জয়শ্ৰী চেতিয়াই সোণৰ পদক লাভ কৰি ৰাজ্যৰ লগতে জন্মস্থান শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আমগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত ফুলপানীছিগা চাৰিঙীয়া গাঁও নিবাসী কৃষক বিচিত্ৰ চেতিয়া আৰু বিনীতা চেতিয়াৰ কন্যা জয়শ্ৰীয়ে প্ৰতিযোগিতাৰ ২০-২২ কেজি শাখাত উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বিক পৰাজিত কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।

প্ৰশিক্ষক দিপু বৰদলৈৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা জয়শ্ৰী চাৰিঙীয়া পুৰণিমেলিয়া কেৰকন নেওগ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।

উপযুক্ত আৰু আধুনিক সা-সুবিধাৰে অবিহনে কেৱল আত্মবিশ্বাস আৰু মানসিক দৃঢ়তাক মূলধন হিচাপে লৈ  প্ৰতিযোগিতাত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা বিৰল প্ৰতিভাধৰ খেলুৱৈ গৰাকীৰ সাফল্যত গৰ্বিত বৃহত্তৰ ফুলপানীছিগাবাসী ৰাইজ।

আনহাতে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা জয়শ্ৰী নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ আৰু জয়শ্ৰী অধ্যয়নৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে বিপুলভাৱে আদৰণি জনায়।

Related News