NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে সত্ৰনগৰী মাজুলী

June 8, 2018 11:02 am · মিটু খাটনিয়াৰ

ভাৰতৰ অন্য প্ৰান্তৰ লগতে অসমৰ নদীদ্বীপ মাজুলীতো অহা ২১ জুনত পালন কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । ইতিমধ্যে জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰিবলগীয়া যোগ দিৱসৰ বাবে সাজু হৈ উঠিছে সত্ৰনগৰী মাজুলী।

এই দিৱসৰ জিলাস্তৰীয় অনুষ্ঠানৰ আয়োজন সন্দৰ্ভত বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়া, যোগ প্ৰশিক্ষক, যোগ সংস্থাৰ প্ৰতিনিধিক লৈ এখন বৈঠক অনুষ্ঠিত হয়।

অতিৰিক্ত উপায়ুক্ত শ্ৰীনৰেণ দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বৈঠকত যোগ দিৱসৰ প্ৰস্তুতি সম্পৰ্কে বিভিন্ন আলোচনা কৰা পৰিলক্ষিত হয়।

অতিৰিক্ত উপায়ুক্ত শ্ৰীচিন্ময় নাথ, নিৰ্বাচন বিষয়া, বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক তথা উজনি মাজুলীৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া শ্ৰীমগেন নৰহ, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অচ্যুৎ বৰুৱা, সহকাৰী আয়ুক্ত শ্ৰীমতী নিতিষা বৰা, উপ আৰক্ষী অধীক্ষক শ্ৰীদ্বীপজ্যোতি তালুকদাৰৰ উপৰি চি আৰ পি এফৰ সহকাৰী কমাণ্ডেণ্ট, জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়কসহ বিভিন্ন বিভাগৰ বিষয়ববীয়াই উক্ত বৈঠকত অংশগ্ৰহণ কৰে।

Related News