শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৰ চতাই গাৰো গাওঁৰ কেইটামান পৰিয়ালে জীৱন মৰণৰ ভয়ংকৰ শংকাৰ মাজত দিন অতিবাহিত কৰিছে। পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াৰ চৰম বঞ্চনাৰ বলি হৈ তীব্ৰ ভয় আৰু শংকাত তথা মৰণৰ লগত খেলা কৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে গাঁৱখনৰ বহু কেইটা পৰিয়ালে।
তেওঁলোকে নিত্য নৈমিত্তিকভাৱে পাৰ কৰি অহা দিনৰ কথা শুনিলে ভয় আৰু শংকাত সকলোৰে বুঁকু কপি উঠিব। চতাই গাৰো গাওঁৰ এইসকল পৰিয়ালৰ ঘৰৰ ওপৰেৰে পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন অব ইণ্ডিয়াই লৈ গৈছে “কামেং বালিপৰা 440 KVA বৈদ্যুতিক তাৰঁ।
এই তাঁৰ সমূহেৰে ২৪ ঘন্টাই বিপদজনক ভাৱে বিদ্যুৎ প্ৰবাহিত হৈ আছে। ফলস্বৰূপে এই বিদ্যুৎ মানুহৰ ঘৰৰ চাললৈও প্ৰবাহিত হৈছে। গাঁৱখনত বাস কৰা লোকসকলৰ ঘৰৰ টিঙৰ চালিত বিদ্যুৎ প্ৰৱাহিত হৈ আছে। টিঙত টেষ্টাৰ লগাই দিয়াৰ লগে লগে জ্বলি উঠে টেষ্টাৰ।
কেৱল সেয়াই নহয়,তাঁৰ সমূহৰ তলত বাইক, চাইকেল আদি যিয়েই ৰখা হয় তাতো জ্বলি উঠে টেষ্টাৰ। পাৱাৰ গ্ৰীডে এইসকল লোকক প্ৰৱঞ্চনা কৰি এই বিদ্যুতৰ খুটা আৰু তাৰঁসমূহ ঘৰৰ ওপৰেৰে নিয়াৰ বাবে ক্ষতিপূৰণ দিয়াৰ কথা কৈছিল যদিও আজি পৰ্য্যন্ত এইসকল দৰিদ্ৰ পৰিয়ালে সেয়া লাভ কৰিবলৈ সক্ষম নহ’ল।
ইয়াৰ বিপৰীতে এনেদৰে মৰণত শৰণ দি হলেওঁ এই বৈদ্যুতিক তাঁৰৰ মাত্ৰ ১০/১২মিটাৰ তলতে বিপদসংকুলভাৱে থাকিব লগীয়া হৈছে পৰিয়ালসমূহ। ৰাইজে এই সৰ্ন্দভত জিলা প্ৰশাসনক অৱগত কৰিছিল যদিও প্ৰশাসনকো অংগুস্থ দেখুৱাই পাৱাৰ গ্ৰীডে নিজৰ মইমতালিৰে কাম কৰি যোৱাৰ ফলত এইসকল দৰিদ্ৰ পৰিয়ালৰ মূৰত সৰগ ভাঙি পৰিছে।
আনহাতে, সম্প্ৰতি ২৪ ঘন্টাই ঘৰৰ ওপৰেৰে 440 KVA ৰ বিদ্যুৎ প্ৰৱাহিত হৈ থকাৰ ফলত এই পৰিয়ালসকলে বিনিদ্ৰ ৰজনীৰে নিশা পাৰ কৰিবলগীয়া হৈছে। এই সন্দৰ্ভত জিলা প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।