ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং ঐতিহ্যমণ্ডিত শৰাইঘাট দলঙে ৫৫ বছৰ অতিক্ৰম কৰিলে । ১৯৬৩ চনৰ ৭ জুন বৃহস্পতিবাৰৰ দিনটোতে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী আৰু আমিনগাওঁ সংযোগী শৰাইঘাট দলংখন তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাইজৰ বাবে মুকলি কৰিছিল।
প্ৰথমতে দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং আছিল। কিন্তু কামাখ্যা ৰে’ল ষ্টেচনত অনুষ্ঠিত এক জনসভাত জৱাহৰলাল নেহৰুৱে এই দলংখনৰ নাম শৰাইঘাট হিচাপে নামকৰণ কৰে।
১৪৯২ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণকাৰ্য ১৯৫৮ চনৰ ১১ জানুৱাৰীত আৰম্ভ হৈছিল। দলংখন নিৰ্মাণৰ বাবে ৪০ হাজাৰ টন চিমেণ্ট আৰু ২০ হাজাৰ টন ৰড ব্যৱহাৰ কৰা হয়। আঠ সহস্ৰাধিক বনুৱাৰ কষ্টৰ ফচল দলংখন ১৯৬২ চনৰ ছেপ্টেম্বৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছিল।
১৯৬২ চনৰ ২৩ অক্টোবৰত ডিজেল ইঞ্জিনৰ এখন ৰে’লগাড়ী প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে দলঙৰ ওপৰেৰে পাৰ কৰোৱা হয়। সেই বৰ্ষৰে ৩১ অক্টোবৰত পুনৰ শৰাইঘাটৰ ওপৰেৰে মালবাহী ৰে’ল এখন চলাইছিল।
আনহাতে, তথ্য অনুসৰি এই বৃহৎ দলংখনৰ নিৰ্মাণত ব্যয় হৈছিল ১০ কোটি ৬৫ লাখ, ১৬ হাজাৰ ৮৯১ টকা।
বৰ্তমান একেস্থানতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰা হৈছে যদিও পুৰণি শৰাইঘাট দলংখনৰ আকৰ্ষণ আৰু গৰিমা এতিয়াও অটুট আছে। তদুপৰি, এই শৰাইঘাট দলং হৈছে মটৰগাড়ী আৰু ৰে’ল একেলগে চলিব পৰা একমাত্ৰ দুখলপীয়া দলং।