আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। এই ড্রাগছ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি গৌৰীসাগৰৰ ৰাজ্যিক পথ পৰিবহন নিগমৰ আস্থান প্ৰাংগনত আজি সন্ধিয়া গৌৰীসাগৰ থানাই নিচাযুক্ত ঔষধ সম্পৰ্কে জন-সজাগতা সৃষ্টিৰ লক্ষ্যেৰে এক পোষ্টাৰিং অভিযান কৰে। গৌৰীসাগৰৰ বিভিন্ন ৰাজহুৱা স্থান আৰু বিভিন্ন যান বাহনত ”Say no to drugs, value your life”, “Mantra to quit smoking,” ” Life can take you higher than drugs”, “DRUGS companies kill their best customers.” এই শীৰ্ষক বাণীৰে পোষ্টাৰিং কৰে।
ইয়াৰ আগেয়ে গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰা আৰু গৌৰীসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ দত্তই আন্তঃ ৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে। তাৰোপৰি ড্ৰাগছ সেৱনৰ ফলত কেনেকৈ মানৱ জীৱন তিল তিলকৈ নিঃশেষ হয়, সেই সন্দৰ্ভতো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাই বিশদ বিৱৰণ দিয়ে।
অন্যহাতে এই দিৱসৰ লগত সংগতি ৰাখি কালি দিখৌমুখ মহাবিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।
গৌৰীসাগৰ থানা আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰিণ মান নিৰূপণ কোষৰ যুটীয়া সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সজাগতা সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষা ড০ লুটফুৰ নাহাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ প্ৰাসংগিকতা তথা তাৎপৰ্য ব্যাখ্যা কৰে।
সভাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে ক্ৰমে মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক প্ৰাঞ্জল বৰা, সহকাৰী অধ্যাপক ৰমেন কলিতা, জাঁজী উঃমাঃ বিদ্যালয়ৰ শিক্ষক জামালুদ্দিন নেওঁগ আৰু গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাই।