আভা দললৈ বৰপেটাৰ ১২ বছৰ অনূৰ্ধ্বৰ ফুটবলৰ বিজয়ীৰ খিতাপ

football in barpeta

এচিয়ান ফুটবল ফেডাৰেচনৰ ‘গ্ৰাছ ৰুট’ দিৱসৰ লগত সংগতি ৰাখি আভা স্পৰ্টচ  এণ্ড এডুকেশ্বনেল ফাউণ্ডেইচনৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত ১২ বছৰ অনূধৰ্বৰ প্ৰাইজমানি ফুটবল ( Football ) প্ৰতিযোগিতাত টীম আভাই চেম্পিয়নৰ খিতাপ দখল কৰে।

উত্তৰ বৰপেটা হাইস্কুলৰ খেলপথাৰত আজি ১৩ মে’ত অনুষ্ঠিত চূড়ান্ত খেলখনত টীম আভাই বৰপেটা ফুটবল ক্লাবক ট্ৰাইবেকাৰৰ সহায়ত ৬-৫ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। নিৰ্দ্ধাৰিত সময়লৈ খেলখন ১-১ গলত অমীমাংসিত হিচাপে সামৰণি পৰাত ট্ৰাইবেকাৰৰ সহায়ত টীম আভাই ৫-৪ গ’লত আৰু সামগ্ৰিকভাৱে ৬-৫ গ’লত বিজয়ী হয়।

চূড়ান্ত খেলখন আৰম্ভ হোৱাৰ পূৰ্বে আভাৰ সভাপতি হজৰত আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে অংশ গ্ৰহণ কৰি খেলুৱৈ সকলক উদ্দেশ্যি চমু বক্তব্য আগবঢ়ায়। এই সভাতে আভা স্প’ৰ্টচ এণ্ড এডুকেশ্বনেল ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত দহদিনীয়া ফুটবল প্ৰশিক্ষণৰ প্ৰশিক্ষক তথা ভাৰতীয় ফুটবল ফেডাৰেচনৰ ‘ডি’ লাইচেঞ্চ প্ৰাপ্ত ফুটবলাৰ দৈমালু বসুমতাৰীক বিশেষভাৱে সম্বৰ্ধনা জনায়।

প্ৰশিক্ষক বসুমতাৰীয়ে চমু ভাষণত ফুটবল খেলুৱৈ হ’বলৈ হ’লে কঠোৰ পৰিশ্ৰম, কঠোৰ অনুশীলনৰ প্ৰয়োজন বুলি খেলুৱৈ উদ্দেশ্যি মন্তব্য আগবঢ়ায়। উদ্বোধনী অনুষ্ঠানত আভাৰ সম্পাদক আলতাফ হুছেইন, সমাজ কৰ্মী দুলাল সৰকাৰ, আপৰাইজিং ইয়ুথচ অৱ হেল্প অৰ্গেনাইজেচনৰ সভাপতি ৰিংকু আহমেদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে, আজিৰে পৰা ১৫ মে’লৈ অনুষ্ঠিত এচিয়ান ফুটবল ফেডাৰেচনৰ ‘গ্ৰাছ ৰুট’ দিৱসৰ লগত সংগতি ৰাখি আভা স্পৰ্টচ  এণ্ড এডুকেশ্বনেল ফাউণ্ডেচনে এই ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছিল।