আমচাঙৰ উচ্ছেদিতক প্ৰতাৰণা : উচ্ছেদিত পৰিয়ালৰ সন্তানক শিক্ষা অব্যাহত ৰখাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি অসাৰ

উচ্ছেদস্থলীৰ এটা দৃশ্য।

যোৱা বছৰৰ শেষৰ ফালে চৰকাৰী শিক্ষা বৰ্ষৰ বছৰেকীয়া পৰীক্ষাৰ ঠিক আগে আগে আমচাঙ সংৰক্ষিত বনাঞ্চলত চৰকাৰ তথা প্ৰশাসনৰ দ্বাৰা চলা অমানৱীয় উচ্ছেদৰ সময়ত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখি চৰকাৰৰ ফালৰ পৰা লৰালৰিকৈ  উচ্ছেদিত পৰিয়াল সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বৰ্ষৰ যাতে লোকচান নহয় তাৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। চৰকাৰে এই শিক্ষাৰ্থীসকলক ছাত্ৰাৱাস বা ছাত্ৰীনিৱাসৰ ব্যৱস্থা কৰি দিয়াৰ কথা কৈছিল।

কিন্তু চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ তুলিলে উচ্ছেদিত পৰিয়ালসমূহে। কালি  আমচাঙৰ জনশিমলুত জনশিমলু বিদ্যালয় প্ৰাংগণত উচ্ছেদিত লোকসকল একত্ৰিত হৈ মিছা প্ৰতিশ্ৰুতি দিয়া বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত তেওঁলোকে চৰকাৰ মুৰ্দাবাদ, অতুল বৰা মুৰ্দাবাদ ধ্বনি দিয়ে।

উচ্ছেদিত পৰিয়ালসমূহে ঘাইকৈ বিধায়ক অতুল বৰাৰ প্ৰতি ক্ষোভ উজাৰে। বিধায়ক অতুল বৰাই তেওঁলোকৰ খবৰ এটাও নোলোৱাৰ অভিযোগ তোলে। এই শীতৰ সময়ত উচ্ছেদিত পৰিয়াল সমূহে কি কষ্টত দিন কটাইছে সেইটোৰ সামান্য বুজ ল’বলৈও অতুল বৰাৰ সময় নহ’ল বুলি ক্ষোভ প্ৰকাশ কৰে। বিধায়কজনে ন্যূনতম মানৱীয়তাও প্ৰদৰ্শন নকৰিলে বুলি অভিযোগ কৰে।

উচ্ছেদিত পৰিয়ালসমূহৰ সন্তানে যাতে আগন্তুক মেট্ৰিক পৰীক্ষাত অসুবিধাহীনভাৱে অৱতীৰ্ণ হ’ব পাৰে তাৰ বাবে চৰকাৰে ছাত্ৰাৱাস বা ছাত্ৰীনিৱাসত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে সকলো সা-সুবিধা কৰি দিয়াৰ কথা কৈছিল যদিও সেয়া নকৰিলে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।

আনহাতে কালি জনশিমলু অঞ্চলত পুনৰ বন বিভাগ আৰু ৰাজহ বিভাগে যুটীয়া জৰীপ চলাবলৈ আহে। যুটীয়া জৰীপৰ সময়ত দুয়োটা বিভাগৰ মাজত কোনখিনি ঠাই বন বিভাগৰ অধীনত আৰু কোনখিনি ৰাজহ বিভাগৰ অধীনত পৰে সেই লৈ মতান্তৰৰ সৃষ্টি হয়। দুয়োটা বিভাগে সুকীয়া সুকীয়া ভাষ্য দি আঁতৰি যায় বুলি জানিব পৰা গৈছে।