NORTHEAST NOW (Assamese)

আমছুৰ দক্ষিণ বৰপেটা-বৰপেটা জিলা সমিতিৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

July 17, 2018 9:22 pm · পুলেন্দ্ৰ দাস

ভাষিক আৰু সংখ্যালঘু লোকসকলক সীমান্ত আৰক্ষীয়ে ‘ডি’ ভোটাৰ সজোৱাৰ চক্ৰান্ত চলোৱা বুলি অভিযোগ উত্থাপন কৰি বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আজি ৰাজ্য জুৰি আমছুৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ইয়াৰ সমান্তৰালভাৱে আজি বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখৰ মিলেনিয়াম পাৰ্কত আমছুৰ বৰপেটা জিলা সমিতি আৰু দক্ষিণ বৰপেটা জিলা সমিতিয়ে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

কাৰ্যসূচীৰ অন্তত দলটোৱে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। দলটোৱে স্মাৰকপত্ৰৰ জৰিয়তে সন্দেহজনক বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰাৰ দাবী উত্থাপন কৰে।

কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি নাজিৰ হুছেইন, সাধাৰণ সম্পাদক নুৰজামান, বৰপেটা জিলা সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে নজৰুল ইছলাম, ছফিউৰ ৰহমানৰ লগতে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালালউদ্দিন আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Related News