• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

আলফা (স্বা)ৰ দ্বাৰা নিৰীহৰ ওপৰত চলোৱা হত্যালীলা বন্ধ কৰাৰ আহ্বান মৰাণ ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 8:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত আলফা স্বাধীনে কৰা আক্ৰমণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম মৰাণ ছাত্ৰ সন্থা। আলফাৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি ছাত্ৰ সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণ কয় ‘ নিৰীহ লোকৰ তেজেৰে কোনো বিপ্লৱী সংগঠনে বিপ্লৱী সত্তা জীয়াই ৰাখিব নোৱাৰে। আমি আলফা(স্বা)ৰ এনে হঠকাৰী কাৰ্যকলাপক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেওঁলোকক নিৰীহ লোকৰ উপৰত চলাই অহা হত্যালীলাক বন্ধ কৰিবলৈ আহ্বান জনাইছো’

উল্লেখযোগ্য যে যোৱা কিছুদিনৰে পৰা তিনিচুকীয়া জিলাত আলফাৰ হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।

Apply Now

১১ ডিচেম্বৰত আলফা(স্বা)ৰ দ্বাৰা সংঘটিত তিনিচুকীয়া জিলাৰ ডিৰাক বৰডুমচাৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ আলফা(স্বা)এ তিনিচুকীয়া জিলাৰ সমাজকৰ্মী তথা ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰ্ণৱ ফুকন(২৪)ক অপহৰণ কৰা কাৰ্যক সদৌ মৰাণ ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। সংগঠনটোৱে অপহৃত নিৰীহ যুৱক অৰ্ণৱ ফুকনক শীঘ্ৰে বিনা চৰ্তে সু-শৰীৰে মুকলি কৰি দিবলৈ আহ্বান জনায়। মন কৰিব লগীয়া যে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত খামডু গাঁৱৰ পৰা অহা পাঁচজন সন্দেহযুক্ত আলফা (স্বা) কেডাৰে ১৫ ডিচেম্বৰত অৰ্ণৱক অপহৰণ কৰি নিছিল। আনহাতে ১১ ডিচেম্বৰত অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰক ভাৰতীয় সেনাৰ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত হত্যা কৰা হৈছিল বুলি উগ্ৰপন্থী সংগঠনটোৱে জানিবলৈ দিয়ে। নিহত অন্তেশ্বৰ মহন্ত গাঁওৰক্ষী বাহিনীৰ সভাপতিৰূপে থকাৰ লগতে তেওঁৰ পুত্ৰ অৰুণ মহন্ত আছুৰ কাকপথাৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি আছিল। আনহাতে অৰ্ণৱ ফুকনৰ অপহৰণৰ দুদিন পিছৰে পৰা নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে তেওঁক উদ্ধাৰ কৰাত সফল হ’ব পৰা নাই।

ইফালে বুঢ়ীদিহিং-বৰডুমচাত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ  অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনখন অনুষ্ঠিত হ’ব। অধিৱেশনখনৰ আলম লৈ অসম-অৰুণাচলৰ সীমান্তৱৰ্ত্তী অঞ্চলটোত যাতে কোনোধৰনৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট সকলো পক্ষকে হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে আহ্বান জনায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd