অৱশেষত পেঙেৰী আৰক্ষীৰ জালত পৰিল তিনিচুকীয়া জিলাত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া চলাই অহা বৰডুমচাৰ কুখ্যাত ড্ৰাগছ মাফিয়া ৰাজেন ছেত্ৰী।
প্ৰাপ্ত তথ্য মতে, কেইদিন মান পূৰ্বে ইনথেমত আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী সঞ্জীৱ সোনোৱালৰ স্বীকাৰোক্তিৰ ভিত্তিত পেঙেৰী আৰক্ষিয়ে অভিযান চলাই ৰাজেন ছেত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে ধৃত ৰাজেন ছেত্ৰীয়ে আজি কেইবাবছৰ ধৰি মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী, বৰডুমচা, ইনথেম, কেটেতং, জাগুনকে ধৰি বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবৈধ বেপাৰ চলাই আহিছিল।
স্থানীয় ৰাইজৰ মতে অবাধ সম্পতিৰ গৰাকী হৈ পৰি কাকো কেৰেপ নকৰাকৈ তেওঁ নিজৰ অবৈধ ব্যৱসায়ী ৰমৰমীয়া কে চলাই আছিল।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদেও মাৰ্ঘেৰিটাৰ ইনথেম, নগা পথাৰ, উলুপ আদি অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছে
জাতীয় মহিলা পৰিষদে অভিযান অব্যাহত ৰখাৰ সময়তে ৰাজেন ছেত্ৰীক আৰক্ষীয়ে আটক কৰাত অবৈধ ড্ৰাগছ বেহাৰ সম্পৰ্কে ন-ন তথ্য লাভ কৰিব পৰা বুলি এক সূত্ৰত প্ৰকাশ।