আৰক্ষী অধীক্ষকসকলক নাৰীজনিত অপৰাধৰ গোচৰসমূহৰ অভিযোগনামা নিখুঁত আৰু সময়মতে দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Sonowal-3-570x320

ৰাজ্যখনৰ কোনো মহিলা আৰু শিশুৱে যাতে নিৰাপত্তাহীনতাত ভূগিব নালাগে তাৰ বাবে প্ৰতিখন জিলাৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰতিগৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে জনসাধাৰণৰ মাজলৈ গৈ নিৰাপত্তাৰ পৰিৱেশ নিশ্চিত কৰিব লাগিব।

বুধবাৰে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে হোৱা বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে।

বিভিন্ন সময়ত অপৰাধীৰ বিৰুদ্ধে সময়মতে অভিযোগনামা দাখিল কৰিব নোৱাৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ইয়াৰ ফলত অপৰাধীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। সেয়েহে শিশু আৰু মহিলাকে ধৰি বিভিন্ন অপৰাধৰ ক্ষেত্ৰত আৰক্ষীয়ে সময়মতে অভিযোগনামা দাখিল কৰিব লাগিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগনামাত যাতে কোনো সুৰুঙা নাথাকে আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় সেইটো আৰক্ষী অধীক্ষকসকলে নিশ্চিত কৰিব লাগিব। এইক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে নাৰী আৰু শিশুজনিত অপৰাধ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰতিগৰাকী আৰক্ষী অধীক্ষকে এনে ঘটনাৰ তৎকালীনভাৱে নিৰীক্ষণ কৰিব লাগিব আৰু ঘটনাৰ অনুসন্ধানৰ লগত জড়িত বিষয়াগৰাকীৰ লগত প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰি সমগ্ৰ বিষয়টো নিখুঁতভাৱে নিষ্পত্তি কৰাটো নিশ্চিত কৰিব লাগিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জনসচেতনতা সৃষ্টিৰ বাবে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে সজাগতা সভা অনুষ্ঠিত কৰিব লাগিব। তেওঁ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, গাওঁবুঢ়া, গাওঁৰক্ষী বাহিনী, গাওঁ পঞ্চায়তৰ সদস্য, আশাকৰ্মী, অংগনবাড়ী কৰ্মী ইত্যাদিক জড়িত কৰি ব্যাপক ৰূপত জনসচেতনতা সৃষ্টিৰ বাবে নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত সংবাদ মাধ্যমকো জড়িত কৰাৰ পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে।