সোণোৱাল চৰকাৰে আৰক্ষী বিভাগৰ চাইবাৰ ড’ম প্ৰজেক্ট মুকিল কৰাকে বিভিন্ন ধৰণেৰে আৰক্ষী বিভাগটো আধুনীকিকৰণ কৰিছে। কিন্তু আৰক্ষী বিভাগৰ এই আধুনীকিকৰণেও স্থানীয় ৰাইজক সুৰক্ষা তথা ন্যায় প্ৰদান কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে।
যিহেতু সোণোৱাল চৰকাৰৰ আধুনীকিকৰণ আৰক্ষী বিভাগে শিৱসাগৰৰ ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াৰ মৃত্যুৰ ৮ দিন পাৰ হৈ যোৱাৰ পিছতো কুলাংগাৰ পুত্ৰ দেৱাশিস খাৰঘৰীয়া আৰু পত্নী গীতাশ্ৰীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।
আনহাতে খাৰঘৰীয়া দম্পতীৰ মৃত্যুৰ ঘটনাক লৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়েও প্ৰতিক্ৰিয়া জনাইছে। আৰু অভিযুক্ত পুত্ৰ-বোৱাৰীক ৮ দিনে কৰায়ত্ত কৰিব নোৱৰাত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৰাজ্যৰ গৃহ বিভাগক কঠোৰ সমালোচনা কৰে।
লগতে সাধাৰণ সম্পাদক গৰাকীয়ে অভিযুক্তক সোনকালে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে।
একেদৰে গুৱাহাটী মহানগৰীতো কমল দাস নামৰ এজন তলতীয়া কৰ্মচাৰীক কাণত ধৰাই আঁঠু কঢ়াই তেওঁৰ সন্মুখত কে’ক কাটি নিজৰ পৈশাচিক প্ৰদৰ্শনকামিতা দেখুওৱাৰ পিছতো মুকেশ হুন্দাইৰ পৰিচালন সঞ্চালক ৰিচভ হিম্মৎসিংকাৰো আৰক্ষীয়ে বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই।
আনহাতে এই সন্দৰ্ভত তদন্তকাৰী আৰক্ষী বিষয়াক নৰ্থ ইষ্টা নাও ফালৰ পৰা সোধাত তেওঁ কয় যে, ‘তদন্ত কৰি আছো। কোনো ধৰণৰ শুং-সূত্ৰ পোৱা নাই। চাৰিওফালে আৰক্ষীয়ে তেওঁক বিচাৰি আছে। গে’ষ্ট হাউচত তেওঁ আছিল, তাতো তালাচী চলালো, নাই পোৱা।’
ফলত স্থানীয় ৰাইজে অসম আৰক্ষীৰ বিভাগটোৰ আধুনীকিকৰণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। যিহেতু ৰাজ্যখনত তোলপাৰ লগোৱা দুটাকৈ ঘটনা সংঘটিত হোৱাৰ পিছতো আৰক্ষীয়ে অভিযুক্তক বৰ্তমানলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।