আৰক্ষী-সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এন ডি এফ বি (এছ)ৰ এজন অভাৰ গ্ৰাউণ্ড সদস্য

pistol-ndfb-570x320

কোকৰাঝাৰ আৰক্ষী আৰু সেনাৰ ১২ নং চিখলাই ৰেজিমেণ্টৰ এক যুটীয়া অভিযানকাৰী দলে সোমবাৰে নিশা নিষিদ্ধ ঘোষিত এন ডি এফ বি (এছ) গোটৰ  এজন অভাৰ গ্ৰাউণ্ড সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

সোমবাৰে নিশা অভিযানকাৰী দলটোৱে কোকৰাঝাৰ জিলাৰ চাৰ্ফনগুৰি গাঁৱৰ পৰা অভাৰ গ্ৰাউণ্ড কৰ্মীজনক আটক কৰে।

জানিব পৰা মতে ধৃত সদস্যজনৰ পৰা আৰক্ষীয়ে ভাৰতত নিৰ্মিত এটা পিষ্টল, দুটা মোবাইল ফোন, ছীম কাৰ্ড আৰু বহুতো আপত্তিজনক নথি পত্ৰ সংগ্ৰহ কৰে।

নিষিদ্ধ ঘোষিত এন ডি এফ বি (এছ) গোটৰ অভাৰ গ্ৰাউণ্ড কৰ্মীজনক কোকৰাঝাৰ জিলাৰ চাৰ্ফনগুৰি আৰক্ষী থানাৰ অধীনৰ দতমা তেহছিলৰ অন্তৰ্গত উত্তৰ গুৱাবাৰীৰ পাটগাঁৱ নিবাসী নিৰ্মল গয়াৰীৰ পুত্ৰ অজিত গয়াৰী (২৬) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ধৃত অজয় গয়াৰী চাৰ্ফনগুৰি আৰু পাটগাঁও অঞ্চলত ধনদাবী আৰু সদস্য ভৰ্তীকৰণত জড়িত থাকে বুলি সন্দেহ প্ৰকাশ কৰিছে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ধৃত সদস্যজনক সোধা পোচা অব্যাহত ৰাখিছে।