• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ্থ-সামাজিক পিয়লত বাদ পৰাৰ বাবেই বৰপেটাৰ এটা নিঠৰুৱা দৰিদ্ৰ পৰিয়াল বঞ্চিত চৰকাৰী আঁচনিৰ পৰা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 1, 2018 8:46 pm
Ayushman-Bharat-scheme
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সাধাৰণ লোকৰ লগতে দৰিদ্ৰ লোকসকলৰ উন্নয়নৰ বাবে কেবাটাও কল্যাণমূলক আঁচনি গ্ৰহণ কৰা বুলি চৰকাৰে প্ৰচাৰ চলাই থকাৰ সময়তে এনে আঁচনিসমূহৰ পৰা প্ৰকৃত দৰিদ্ৰ লোকসকল বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। মূলতঃ পূৰ্বৰ চৰকাৰৰ দিনত হোৱা ব্যাপক খেলিমেলি আৰু একাংশ বিষয়া-জনপ্ৰতিনিধিৰ দুৰ্নীতিৰ বাবেই একাংশ প্ৰকৃত দুখীয়া লোক চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা কিছুমান জনকল্যাণ আঁচনিৰ আওতাৰ বাহিৰত ৰৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে।

উল্লেখযোগ্য যে কালি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ‘আয়ুষ্মান ভাৰত দিৱস’ পালন কৰা হয়। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সমাজৰ দৰিদ্ৰ তথা পিছপৰা শ্ৰেণী, ভূমিহীন খেতিয়ক আদি সকলোকে সামৰি প্ৰতিটো পৰিয়ালৰ বাবে বছৰি পাঁচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হ’ব।

Apply Now

কিন্তু এই সেৱাৰ পৰা যে পৰৱৰ্তী সময়ত একাংশ প্ৰকৃত দুখীয়া মানুহ বঞ্চিত হ’ব সেয়া স্পষ্ট হৈ পৰিছে। বৰপেটা জিলাৰ চেঙা গাঁৱৰ এটা পৰিয়ালৰ দুখ-দুৰ্দশাৰ কাহিনীয়ে এই সম্ভাৱনা অধিক প্ৰকট কৰিছে।

মন কৰিব লগীয়া যে ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে কালি বৰপেটা জিলাৰ বিভিন্ন পঞ্চায়তৰ লগতে ২৩ নং নিজ-চেঙা গাঁওপঞ্চায়ততো এখন গাঁওসভা অনুষ্ঠিত হৈছিল। অঞ্চলটোৰ বিশিষ্ট ব্যক্তি হলধৰ দেৱৰ সভাপতিত্বত অনুষ্ঠিত এই গাঁওসভাত আয়ুষ্মান ভাৰত দিৱস পালন কৰাৰ লগতে আয়ুষ্মান ভাৰতৰ অধীনত এলেকাটোৰ কোনকেইটা পৰিয়ালে স্বাস্থ্য সেৱা লাভ কৰিব তাৰ তালিকা এখন অৱগত কৰে উপস্থিত মহকুমা স্বাস্থ্য বিষয়াই। এই তালিকাখন প্ৰকাশ কৰাৰ পিছতে একাংশ প্ৰকৃত দুখীয়া পৰিয়াল অথবা লোক এই জনকল্যাণমূলক আঁচনিখনৰ পৰা বঞ্চিত হোৱাটো পোহৰলৈ আহে। উল্লেখ্য যে ২৩ নং নিজ-চেঙা গাঁও পঞ্চায়তৰ বাসিন্দা নৰেন পাঠক নামৰ এজন অতি দুখীয়া ব্যক্তিৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱা নাই মহকুমা স্বাস্থ্য বিষয়াই উল্লেখ কৰা তালিকাখনত। প্ৰায় ১৯ দিন পূৰ্বে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি ল’বলগা হৈছিল নৰেন পাঠক নামৰ ব্যক্তিজনে। দিন হাজিৰা কৰা নৰেন পাঠকৰ পৰিয়ালটোত এতিয়া আছে পত্নী, দুজনী কন্যাৰ লগতে এজন দিব্যাংগ ল’ৰা সন্তান। এই দীন-হীন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল নৰেন পাঠক। কিন্তু একমাত্ৰ উপাৰ্জনকাৰী তথা মুৰববীজনৰ মৃত্যুত পৰিয়ালটোৰ বাবে জীয়াই থকাটোৱে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। নৰেন পাঠকৰ পত্নীয়ে এতিয়া মানুহৰ ঘৰে ঘৰে কাম-বন কৰি কোনোমতে পোহ-পাল দি ৰাখিছে পৰিয়ালটোক। আই ডি নম্বৰ নথকাৰ বাবেই পূৰ্বৰ চৰকাৰৰ দিনত চৰকাৰী আঁচনিৰ অধীনত ঘৰ পাবলৈ সক্ষম নোহোৱা পৰিয়ালটোৱে এতিয়া প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ অধীনতো এটা ঘৰৰ পৰা বঞ্চিত হ’ব।

লক্ষণীয়ভাৱে ২০১১ চনত কৰা আৰ্থ-সামাজিক লোকপিয়লতো পৰিয়ালটোক বঞ্চিত কৰা হৈছে। যাৰ বাবেই এই পৰিয়ালটো আয়ুষ্মান ভাৰতৰ অধীনত স্বাস্থ্য সেৱা লাভ কৰাৰ পৰাও বঞ্চিত হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। এনে জনকল্যাণমূলক আঁচনিৰ পৰা প্ৰকৃত দৰিদ্ৰ লোক বঞ্চিত হোৱাৰ এটি মাথোঁ উদাহৰণ। ৰাইজে অভিযোগ কৰা মতে ২০১১ চনৰ আৰ্থ-সামাজিক পিয়লৰ পৰা ভালে সংখ্যক প্ৰকৃত দুখীয়া পৰিয়ালৰ নাম বাদ পৰি গৈছে। চৰকাৰী নিয়ম অনুসৰি, আয়ুষ্মান ভাৰতৰ অধীনত স্বাস্থ্য সেৱা লাভ কৰিবলৈ হ’লে ২০১১ চনত কৰা আৰ্থ-সামাজিক লোকপিয়লত নাম উল্লেখ থাকিব লাগিব। আনহাতে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত কাৰ্ড প্ৰাপ্ত লোকেহে এই আঁচনিৰ অধীনত স্বাস্থ্য সেৱা লাভ কৰিব। বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে যদিহে স্বচ্ছ আৰু নিকাভাৱে প্ৰকৃত দুখীয়া পৰিয়ালৰ তালিকা এখন প্ৰস্তুত নকৰে তেনেহ’লে অকল চেঙা পঞ্চায়ততে নহয়  জিলাখনৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ পঞ্চায়ততে প্ৰকৃত দুখীয়া পৰিয়াল চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ পৰা যে বঞ্চিত হৈ ৰোৱাটো নিশ্চিত।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd