উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান দ য়ুনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টে’কনলজি, মেঘালয়ে আজি ৫ জুনত ‘জনসম্পৰ্কৰ দিন’ পালন কৰে। সেই উপলক্ষে মহানগৰীৰ ‘হোটেল লেণ্ডমাৰ্ক’ অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা অসমৰ চাৰিগৰাকী জ্যেষ্ঠ সাংবাদিকলৈ আগবঢ়োৱা হয় ‘মিডিয়া এক্সলেন্স এৱাৰ্ড’।
সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপ, জাৰিৰ হুচেইন, দিলীপ চন্দন আৰু মাইনী মহন্তলৈ ২০১৮ বৰ্ষৰ বাবে এই ‘মিডিয়া এক্সেলেন্স এৱাৰ্ড’ আগবঢ়োৱা হৈছে।
তাৰোপৰি একেটা অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ আঠ গৰাকী সাংবাদিক ত্ৰিপুৰাৰ সুজিত চক্ৰবৰ্তী, গুৱাহাটীৰ সত্যন্দ্ৰ মিশ্ৰ, ইমতিয়াজ আহমেদ, মনমৰমী মহন্ত আৰু মৃদুল হালৈ, চিলঙৰ আফাক হুছেইন আৰু ইভানজোপ্লিন ঢখাৰ আৰু নাগালেণ্ডৰ টিনাকলি চুমিক প্ৰদান কৰা হয় ‘ইউ এচ টি এম মিডিয়া এচিভাৰ এৱাৰ্ড-২০১৮’।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ নিৰ্মল কুমাৰ চৌধুৰীৰ সভাপতিত্ব অনুষ্ঠিত এই অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী।
সভাত ভাষণ প্ৰসংগত প্ৰাক্তন ৰাজ্যপাল মুছাহাৰীয়ে কয়, “আমাৰ মহান ইতিহাস, অলেখ সম্পদ থকাৰ পাছতো আমাৰ দেশ এঠাইতে ৰৈ আছে, তাৰ প্ৰধান কাৰণ আমাৰ শিক্ষাৰ মান আমি আগুৱাব পৰা নাই। শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ ৰাজহাড় স্বৰূপ”।
তেওঁ লগতে কয় যে বৰ্তমান সময়ত সংবাদমাধ্যম ৰজাৰ দৰে হৈ পৰিছে আৰু সংবাদ মাধ্যমে সকলো কৰিব পাৰে আৰু সেয়ে সমাজক শুধৰোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।
আনহাতে চ’চিয়েল মিডিয়াৰ বৰ্তমান ভূমিকা সমাজৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে আৰু সমাজৰ বাবে ই গঠনমূলকো হ’ব পাৰে বুলি কয় প্ৰাক্তন ৰাজ্যপালজনে।
অনুষ্ঠানত “Role of Universities in Socio-Political Awarness” বিষয়ত বক্তৃতা আগবঢ়ায় বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে।
তেওঁ কয়, “এটা সুষ্ঠ সমাজিক আৰু ৰাজনৈতিক পৰিৱেশ বৰ্তাই ৰাখিবলৈ প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবই লাগিব। আমি এনেকুৱা এটা সময়ত আছো য’ত গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈ আছে, হত্যা-হিংসা বৃদ্ধি পাইছে, মানুহৰ সহিষ্ণুতা হ্ৰাস পাইছে, বিজ্ঞানমনষ্কতাৰ অভাৱ ঘটিছে, তেনে এক সময়ত বিশ্ববিদ্যালয়ৰ কৰণীয় বহু বৃদ্ধি পাইছে।”
সভাত মেঘালয়ৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা সাংবাদিক পদ্মশ্ৰী মানস চৌধুৰীয়ে ‘Role of Universities In Outreach Activities’ শীৰ্ষক বক্তৃতা আগবঢ়ায়।
অনুষ্টানত সংবাদক্ষেত্ৰৰ লগত জড়িত উত্তৰ-পূবৰ যথেষ্টসংখ্যক লোক উপস্থিত থাকে।