উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ হুংকাৰ অসম গৃহৰক্ষী জোৱান কল্যাণ সমিতিৰ সভাপতি দ্বীপেন শৰ্মাৰ

গৃহৰক্ষী

সুদীৰ্ঘ ১৯ বছৰ কাল ধৰি স্থায়ী নিযুক্তিৰ দাবীত প্ৰতিবাদ কৰি বিফল হোৱা গৃহৰক্ষী জোৱান সকলে আজি পুনৰ দিছপুৰ লাষ্টগেটত এক প্ৰতিবাদ সাব্যস্ত কৰে।

অসম গৃহৰক্ষী কল্যাণ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্য্যসূচীত সংস্থাৰ সভাপতি দ্বীপেন শৰ্মাই কয় “১৯ বছৰ ধৰি আমি ধৰ্ণা আন্দোলন কৰি আহিছো যদিও চৰকাৰে আমাৰ কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাই। প্ৰয়োজন অনুসৰি উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ সাজু আছো।”

তদুপৰি তেওঁ আই পি এছ বিষয়া এ পি ৰাওটক মুৰ্খ আখ্যা দি কয় “১৯ বছৰ ধৰি আমি আন্দোলন চলাই অহাৰ পিছত তেওঁৰ গা নলৰিল। কালি আমাৰ গৃহৰক্ষী জোৱান সমূহলৈ বাৰ্তা প্ৰেৰণ কৰি এই প্ৰতিবাদ বন্ধ কৰিবৰ বাবে অনুৰোধ জনাইছিল। ২০০১ চনতে আমি ন’ অবজেক্সন প্ৰমান পত্ৰ বিচাৰিছিলো যদিও এই গৃহৰক্ষী সঞ্চালক প্ৰধানজনে প্ৰদান কৰাৰ পৰা বিৰত থাকিল।”

লক্ষণীয় যে সন্থাৰ সভাপতি গৰাকীয়ে গৃহৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্বত থকা এ পি ৰাওটক প্ৰত্যাহ্বান জনাই কয় “যদি তেওঁৰ দম আছে মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। অন্যথা মোৰ সৈতে মুখামুখি তৰ্কত লিপ্ত হওঁক।”

আনহাতে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদকাৰী সকলে চিপাহী বিদ্ৰোহ ঘোষণা কৰাৰ হুংকাৰ প্ৰদান কৰে।

প্ৰতিবাদকাৰী সকলৰ মূল দাবী হৈছে বৰ্ধিত হাৰত দৰমহা প্ৰদান কৰা, আৰক্ষী জোৱানৰ সমানে অধিকাৰ প্ৰদান, ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত গৃহৰক্ষী জোৱান সকলক নিযুক্তি দিয়া, কামৰূপ জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্য্যালয় পানীখাইতিৰ পৰিৱৰ্তে গুৱাহাটীৰ মাজ মজিয়াত স্থাপন কৰা আৰু মহিলা গৃহৰক্ষী জোৱান সকলে আৰক্ষী জোৱানসকলৰ সম পৰ্য্যায়ৰ সকলো সা-সুবিধা প্ৰদান কৰা।

লক্ষণীয়ভাৱে প্ৰতিবাদস্থলীলৈ অসম চৰকাৰৰ কোনো মন্ত্ৰী, বিষয়া উপস্থিত নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলি থাকিব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰে।

আনহাতে প্ৰতিবাদকাৰী সকলে অহা ১৫ মাৰ্চৰ ভিতৰত গৃহৰক্ষী জোৱান সকলৰ হকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে দিল্লীত গৈ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে।