উত্তৰ-পূবত বিজ্ঞান আৰু গণিত শিক্ষাৰ বিকাশৰ ওপৰত আলোচনা চক্ৰ

অহা বৃহস্পতিবাৰে গুৱাহাটীৰ নেডফি হাউছত উত্তৰ-পূবৰ বিদ্যালয়সমূহত বিজ্ঞান আৰু গণিত শিক্ষাৰ বিকাশৰ ওপৰত এখন আঞ্চলিক পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।

অঞ্চলটোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগীয়া উক্ত আলোচনা চক্ৰখন উত্তৰ-পূব পৰিষদৰ সদস্য চি কে দাসে পৌৰহিত্য কৰিব। দিনৰ ১১ বজাৰ পৰা আলোচনা চক্ৰখন আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।

আগৰতলাত অনুষ্ঠিত উত্তৰ-পূবৰ ‘নিটি ফ’ৰাম ফৰ নৰ্থ-ইষ্ট’ৰ প্ৰথমখন বৈঠকৰ সফল সমাপ্তিৰ পিছত অনুষ্ঠিত হ’বলগীয়া এই আলোচনা চক্ৰই যথেষ্ট গুৰুত্ব বহন কৰিছে বুলি আজি শ্বিলঙত অৱস্থিত উত্তৰ-পূব পৰিষদৰ কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কোৱা হয়।

উত্তৰ-পূবত বিজ্ঞান আৰু গণিতৰ শিক্ষাৰ ওপৰত নেডফিয়ে অলপতে প্ৰস্তুত কৰা এক অধ্যয়নৰ প্ৰতিবেদনৰ ওপৰতো আলোচনা চক্ৰখনত বিতং ভাৱে আলোচনা কৰি এই ক্ষেত্ৰত ল’বলগীয়া কাৰ্য প্ৰণালীৰ ওপৰত পৰ্যালোচনা কৰা হ’ব।

উত্তৰ-পূব পৰিষদৰ (মানৱ সম্পদ উন্নয়ন) সঞ্চালক খ’ ছিলে এন্থনিয়ে সমন্বয়কৰ কাৰ্য সম্পাদন কৰিব লগীয়া আলোচনা চক্ৰখনত উত্তৰ-পূবৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া সকলে অংশগ্ৰহণ কৰিব।