ৰাজভৱনৰ বেডমিণ্টন ক্লাবত অনুশীলন কৰি থকা অৰুণাচলৰ উদীয়মান বেডমিণ্টন খেলুৱৈসকলৰ সৈতে যোৱা দেওবাৰে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যখনৰ ৰাজ্যপাল বিডি মিশ্ৰাই।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰায় আঠ সপ্তাহ পূৰ্বে ৰাজ্যপাল বিডি মিশ্ৰাই প্ৰাতঃভ্ৰমণ কৰি থাকোঁতেই কেইবাগৰাকীও খেলুৱৈৱে ব্যস্ত পথৰ দাঁতিত অনুশীলন কৰি থকা দেখিবলৈ পাইছিল।
ব্যস্ত পথৰ দাঁতিত অনুশীলন কৰি থকাটো বিপজ্জনক বুলি অনুধাৱন কৰিয়েই ৰাজ্যপাল গৰাকীয়ে খেলুৱৈ সকলক ৰাজভৱনৰ হেলিপেড অঞ্চলত অনুশীলন কৰিবলৈ আমন্ত্ৰণ জনাইছিল।
তেতিয়াৰ পৰাই তুলনামূলকভাৱে সুৰক্ষিত ৰাজভৱনত অনুশীলন চলাই আহিছে খেলুৱৈ সকলে।
সমান্তৰালভাৱে ৰাজ্যত থকা সময়ছোৱাত প্ৰতি দেওবাৰে ৰাজ্যপাল বিডি মিশ্ৰাই খেলুৱৈ সকলক সাক্ষাৎ কৰি ভৱিষ্যতে একো একোজন ভাল খেলুৱৈ হ’বলৈ উৎসাহিত কৰি আহিছে।
দেওবাৰেও ৰাজ্যপাল গৰাকীয়ে ভিন্ন বয়সৰ প্ৰায় ৪৫ গৰাকী খেলুৱৈৰ সৈতে মত বিনিময় কৰি তেওঁলোকক উৎসাহিত কৰে। তেওঁ লগতে খেলুৱৈ সকলক পৰম্পৰাগত ‘খাদা’ উপহাৰ স্বৰূপে আগবঢ়ায়।
ৰাজ্যপালৰ দৰে উচ্চ সাংবিধানিক পদমৰ্যাদাৰ ব্যক্তি এগৰাকীয়ে এনেদৰে খেলুৱৈ সকলৰ সৈতে কৰা মত বিনিময়ক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে।