• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 7:14 am
Odisha Minister Shot
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে উৰিষ্যা। উৰিষ্যা আৰক্ষীৰ এগৰাকী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱাইছে ৰাজ্যখনৰ স্বয়ং এগৰাকী কেবিনেট মন্ত্ৰীয়ে। এক অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাজ্যৰ ঝাৰছুগুডা জিলা ভ্ৰমণৰ সময়তে স্বাস্থ্যমন্ত্ৰী নব কিশোৰ দাসক গুলীয়াই মৃত্যু মুখলৈ ঠেলি দিয়ে এগৰাকী সহকাৰী উপ-পৰিদৰ্শকে।

দেওবাৰে দিনৰ প্ৰায় ১ বজাত ঝাৰছুগুডা জিলাৰ ব্ৰজাৰাজনগৰৰ সমীপৰ গান্ধী চকত অনুষ্ঠানত যোগ দিয়াৰ বাবে নিজ বাহনৰ পৰা নামিছিল স্বাস্থ্যমন্ত্ৰী নব কিশোৰ দাস। সেই সময়তে স্থানীয় আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক গোপাল দাসে মন্ত্ৰীগৰাকীৰ বুকুত দুটাকৈ গুলীৰে আঘাত কৰে।

Apply Now

আৰক্ষী বিষয়া গৰাকীৰ এই আকস্মিক আক্ৰমণত গুৰুতৰভাৱে আহত হৈ স্বাস্থ্যমন্ত্ৰী নব কিশোৰ দাস ঠাইতে ঢলি পৰে। গুৰুতৰভাৱে আহত মন্ত্ৰীগৰাকীক লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক বিমানেৰে ভুৱনেশ্বৰলৈ লৈ যোৱা হয়।

ভুৱনেশ্বৰৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন অৱস্থাতে নিশা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মৃত্যু হয়। চিকিৎসকসকলে উল্লেখ কৰা মতে, গুলীয়ে মন্ত্ৰীগৰাকীৰ কলিজাত আঘাত কৰিছিল আৰু ফলস্বৰূপে তেওঁৰ দেহৰ ভিতৰত ৰক্তক্ষৰণ হৈছিল। এনে সংকটাপন্ন অৱস্থাৰ বাবে নিশা তেওঁৰ অৱশেষত মৃত্যু হয়।

উৰিষ্যাৰ শাসকীয় বিজু জনতা দলৰ নেতা তথা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যুক ৰাজ্যখনৰ বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও জেষ্ঠ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

ইফালে ব্ৰজৰাজনগৰ মহকুমা আৰক্ষী বিষয়া গুপ্তেশ্বৰ ভৈয়ে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অৱগত কৰা মতে স্বাস্থ্যমন্ত্ৰীগৰাকীক গুলীওৱাৰ পিছতে সহকাৰী আৰক্ষী উপ পৰিদৰ্শক দাসক স্থানীয় লোকে কৰায়ত্ব কৰে আৰু আৰক্ষীক গতাই দিয়ে। দাসক জিম্মাত লৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য মতে এই হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই। লক্ষণীয়ভাৱে ধৃত গোপাল দাসে মনোৰোগ বিশেষজ্ঞৰ ওচৰত মানসিক চিকিৎসা চলাই আছিল বুলি জানিব পৰা গৈছে। এনে অৱস্থাতো তেওঁক ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত নিয়োগ কৰাক লৈও বিতৰ্কৰ সূত্ৰপাত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd