এইবাৰ অসমক খণ্ড-বিখণ্ড কৰাৰ পৰামৰ্শ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীৰ

ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ ফাইল ফটো

বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীয়ে আজি পুনৰ এক বিতৰ্কিত মন্তব্য কৰিছে। এইবাৰ অসমক পুনৰ কেইবাটাও খণ্ডত বিভক্ত কৰাৰ পৰামৰ্শ আগ বঢ়াইছে জ্যেষ্ঠ সাংবাদিকজনে।

৯ জুলাইত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি অসমক পুনৰ ভাষা-সম্প্ৰদায়ৰ ভিত্তিত বিভক্ত কৰাৰ পোষকতা কৰে চক্ৰবৰ্তীয়ে। তেওঁ বৰাক উপত্যকাৰ তিনিখন জিলাক অসমৰ পৰা পৃথক কৰি দিব লাগে, উত্তৰ কাছাৰ পাৰ্বত্য জিলা (বৰ্তমানৰ ডিমা হাচাও) আৰু কাৰ্বি আংলং জিলাও অসমৰ লগত থাকিব নালাগে বুলি তেওঁ পৰমৰ্শ আগ বঢ়ায়। ইয়াৰ উপৰি বড়োলেণ্ডকো পৃথক ৰাজ্যৰ মৰ্যদা দিয়াৰ প্ৰয়োজনীয়তাৰ কথা কয় জ্যেষ্ঠ সাংবাদিকজনে।

“মই নিজে কাছাৰকে ধৰি বৰাক উপত্যকাৰ তিনিখন জিলা অসমৰ পৰা যাব লাগে বুলি ভাবো। কাছাৰখন অসমৰ বাবে এটা আহুকাল আৰু এটা বোজা। আৰু যি পাহাৰী জিলা, বিশেষকৈ উত্তৰ কাছাৰত অসমীয়া ভাষা নচলে, তাত আগৰ যিসকল কছাৰী মানুহ আছিল সেইসকলে এতিয়া হিন্দী কয়, অসমীয়া নকয়। সেই কাৰণে মই ভাবিছো উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙো অসমৰ পৰা গ’লে অসমৰ কোনো ক্ষতি নহয়। আমি একেলগে থাকি দন-হাই কৰি আমাৰ শত্ৰুতা বঢ়োৱাতকৈ নিলগে নিলগে থাকি বন্ধু হোৱা উচিত।” এইদৰে কয় চক্ৰবৰ্তীয়ে।

চক্ৰবৰ্তীয়ে ব্যাখ্যা দাঙি ধৰি কয় যে পৃথকে পৃথকে থাকিলে তেওঁলোক একেলগে থকাৰ ফলত হোৱা হাই-উৰুমিবিলাক, বিদ্বেষ আৰু বিশ্বাসহীনতাৰ কথাবোৰ নাইকিয়া হ’ব আৰু তেওঁলোকেও শান্তিপূৰ্ণভাৱে থাকিব পাৰিব।

লগতে পৃথক বড়োলেণ্ডৰ আন্দোলন সন্দৰ্ভত তেওঁ কয়, “পৃথক বড়োলেণ্ডৰ বাবে ‘ডিভাইড আছাম ফিভটি-ফিভটি’ বোলা কথাষাৰ সম্পূৰ্ণ অযুক্তিকৰ, ভুল আৰু মূৰ্খামিহে।”

তেওঁ কয়, “তেৰ লক্ষতকৈও কম বড়ো মানুহে তিনিকোটি মানুহৰ ভাগ বিতৰণত ‘ফিভটি-ফিভটি’ বিচাৰিব পাৰেনে? বড়োসকলে যিহেতু সুকীয়া সত্তা বিচাৰিছে যিবিলাক গাঁৱত শতকৰা ৫০ৰ বেছি বড়ো মানুহৰ বসতি আছে সেইবিলাক গাওঁ বড়োলেণ্ডত যাওক, কিন্তু ৫০ শতাংশতকৈ কম বড়ো মানুহ থকা গাওঁসমূহ বড়োলেণ্ডত সোমাব নোৱাৰে।”

তেওঁ বড়ো আন্দোলনৰ ভয়াৱহতেৰ কথা সুঁৱৰি বড়োৰ দৌৰাত্ম্যৰ পৰা হাত সাৰিবলৈ ৫০ শতাংশতকৈ বেছি বড়ো মানুহ থকা অঞ্চল লৈ এখন পৃথক বড়োলেণ্ড হ’ব লাগে বুলি মন্তব্য কৰে।

আনহাতে, পৃথক কোচ ৰাজ্য সম্পৰ্কত তেওঁ কয়, “কোচসকলে পৃথক ৰাজ্য কিয় বিচাৰে মই ক’ব নোৱাৰে। এখন পৃথক ৰাজ্য লৈ এজন কোচ মুখ্য মন্ত্ৰী, ১০ জনমান কোচ মন্ত্ৰী আৰু অতি বেছি ৬০জন কোচ বিধায়ক পাব। চাকৰিয়াল নো কেইজন থাকিব? অসমতে তিনি কোটিৰ ৫ লাখ মান অসমীয়া মানুহহে চাকৰিয়াল আছে। কিন্তু অসমত থাকিয়ে শৰৎ সিংহ কোচ সম্প্ৰদায়ৰ মানুহ মুখ্য মন্ত্ৰী হৈছে, বহুকেইজন মন্ত্ৰী হৈছে। গতিকে অসমত থাকিয়ে যদি মুখ্য মন্ত্ৰী বা মন্ত্ৰী হ’ব পাৰে অসমৰ পৰা বাহিৰ হৈ যোৱাৰ প্ৰয়োজন কি?”

অৱশ্যে তেওঁ নামনি অসমৰ বংগমূলীয় মুছলমান মানুহখিনিৰ অসমপ্ৰেম সম্পৰ্কত কোনো সন্দেহ নাই বুলি কৈ আহোমসকলৰ দৰে তেওঁলোকো অসমীয়া হৈ পৰিব বুলি মন্তব্য কৰে।