এইবাৰ ভূমিপুত্ৰৰ পৰিচয়ক লৈ কন্দল আৰম্ভ বড়ো আৰু কোচ সংগঠনৰ মাজত

এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ আগমুহূৰ্তত এইবাৰ কন্দল আৰম্ভ হৈছে ভূমিপুত্ৰক লৈ । ৰাজপৰিয়ালৰ সদস্যক লৈ গঠিত কনকৰ্ফ নামৰ সংস্থাটোৱে যোৱা ৭ ডিচেম্বৰত এক সংবাদমেলযোগে বড়োসকল অসমৰ প্ৰকৃত ভূমিপুত্ৰ নহয় বৰং বড়োসকলৰ পিতৃভূমি চীনৰ তিব্বতহে বুলি দাবী কৰাৰ পিছত আজি জাঙুৰ খাই উঠিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ । আজি এই বিষয়টোক লৈ বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ ই কোকৰাঝাৰৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী প্ৰমুখ্যে কেইবাজনো নেতা উপস্থিত আছিল। ‘বড়োসকলৰ সংবিধান সন্মত ৰাজ্য গঠনৰ প্ৰক্ৰিয়া দেখি কনকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ন দেৱে তেনেধৰণৰ নিন্দনীয় আৰু অপৰাধমুলক বক্তব্য প্ৰকাশ কৰিছে । বড়োসকল অসমৰ প্ৰাচীনতম অধিৱাসী আৰু দীৰ্ঘতম শাসক জনগোষ্ঠী আৰু সেয়েহে সংবিধানে বড়োসকলক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰিছে।‘ সংবাদমেলখনত এই বুলি মন্তব্য কৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে। শ্ৰী নাৰ্জাৰীয়ে অজনজাতিসকলৰ অবৈধ আগ্ৰাসনৰ পৰা জনজাতিসকলক সুৰক্ষা দিবলৈকে চৰকাৰে  স্বায়ত্তশাসন ব্যৱস্থা দিয়া বুলি দাবী কৰে । কনকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ন দেৱৰ নিজৰ বংশৰ শিপা ক’ত সেইটো ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই। মঞ্চখনে লগতে এই বুলিও কয় যে তথাকথিত কোচ ৰাজবংশী নেতা প্ৰণৱ নাৰায়ন দেৱে ৰাজ্য দাবী কৰাৰ সলনি  বহিৰাগত কোচ ৰাজবংশীসকলক কেনেকৈ এনআৰচিৰ পৰা বিপদমুক্ত কৰিব পাৰি  তাৰ চিন্তা-চৰ্চাহে কৰা ভাল বুলি মত প্ৰকাশ কৰিছে ।