এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰংগিৰিত ৰেলৱে ষ্টেশ্যন স্থাপনৰ দাবীত ৰাইজৰ ৰেলপথ অৱৰোধ

darangiri

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ দৰংগিৰি কল বজাৰৰ সমীপত এটা ৰেলৱে ষ্টেশ্যন স্থাপনৰ দাবীত আজি দৰংগিৰিৰ ৰাইজে ৰেলপথ অৱৰোধ কাৰ্যসূচী পালন কৰে। এই দৰংগিৰি কলৰ বজাৰৰ পৰাই প্ৰতি মাহে শ শ ট্ৰাক কল অসমৰ বাহিৰৰ পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উড়িষা, হাৰিয়ানা, ছত্তীছগড়, উত্তৰ প্ৰদেশ আদি ৰাজ্যলৈ ৰপ্তানি হোৱাৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, মধ্যপ্ৰাচ্যৰ ডুবাই আদি ঠাইলৈকেও ৰপ্তানি কৰা হয় কল।

কিন্তু এই প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনা থকা দৰংগিৰিত বৰ্তমানেও নাই এটা ৰেল ষ্টেচনl দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে বহুবাৰ চৰকাৰ তথা ৰেল বিভাগক দৰংগিৰিত এটা ৰেলৱে ষ্টেশ্যন স্থাপন কৰাৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও কোনো সুফল লাভ কৰা নাইl

আজি পুৱা সেয়েহে দৰংগিৰিত এটা ৰেল ষ্টেচন স্থাপনৰ দাবীত উন্নয়ন সমিতিৰ লগতে জাতীয় সংগঠনসমূহে দৰংগিৰিৰ টিলাপাৰাত ৰেল পথ অৱৰোধৰ বাবে ওলাই আহেl

একাংশ প্ৰতিবাদকাৰীয়ে  যোগীঘোপা – কামাখ্যা ৰেলপথত  মেন্দিপথাৰ – গুৱাহাটী পেচেঞ্জাৰ ৰেল খন  ৰখাবলৈ চেষ্টা কৰেl  কিন্তু  আৰক্ষী প্ৰশাসনৰ প্ৰত্যক্ষ হস্তক্ষেপত ৰেলপথটোত ৰেলগাড়ী চলাচলত বাধা দিয়াত প্ৰতিবাদকাৰীসকল সফলকাম হ’ব পৰা নাই। কিন্তু প্ৰা. ৩ ঘণ্টা ধৰি প্ৰতিবাদকাৰীসকল ৰেলপথৰ কাষত অৱস্থান কৰি থাকে। তাৰ পাছত গোৱালপাৰাৰ পৰা ৰেলৱেৰ সহকাৰী মাণ্ডলিক অভিযন্তা দীপেন্দ্ৰ গিৰী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ হাতৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে।

দৰংগিৰিৰ নিচিনা এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক স্থানত যাতায়াতৰ সুবিধা অতি প্ৰয়োজনীয়। আনহাতে ব্যৱসায়িকভাৱে আগবঢ়া স্থানৰ পৰাই যাতায়াত ব্যৱস্থাটোও যথেষ্ট পৰিমাণে উপকৃত হয় আৰু স্বাভাৱিকতেই সেয়েহে এনে স্থানসমূহ যাতায়াত সংস্থাসমূহৰ প্ৰতিযোগিতাৰ স্থান হৈ পৰে।  কিন্তু এক ৰহস্যজনক কাৰণত সত্যটোকে আজিকোপতি ৰেল বিভাগ এৰাই চলি আছে।