NORTHEAST NOW (Assamese)

এডপ্ট এ হেৰিটেজ আঁচনিৰ বিৰুদ্ধে কাজিৰঙাত কংগ্ৰেছ আৰু টাই আহোম ছাত্ৰ সন্থাৰ পথ অৱৰোধ: প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ

May 3, 2018 3:18 pm · উত্তম শইকীয়া

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এডপ্ট এ হেৰিটেজ আঁচনিৰ জৰিয়তে দেশৰ বিভিন্ন ঐতিহ্য ক্ষেত্ৰৰ লগতে অসমৰ কাজিৰঙা, ৰং ঘৰ, কাৰেং ঘৰ আদি ব্যক্তিগত প্ৰতিষ্ঠানক লীজত দিবলৈ লোৱা কাৰ্যৰ প্ৰতিবাদত বৃহস্পতি বাৰে বোকাখাত ব্লক কংগ্ৰেছৰ উদ্যোগত কাজিৰঙাৰ কহঁৰাত ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদী কংগ্ৰেছকৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যত ক্ষুব্ধ হৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চেৰা বলিয়া আৰু সৰ্বানন্দ সোণোৱাল এতিয়া গভীৰ নিদ্ৰাত বুলি মন্তব্য কৰে  ৷

প্ৰতিবাদী কাৰ্যসুচীত বোকাখাত ব্লক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল দাস,  প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাদু টায়,  ব্লক কংগ্ৰেছৰ সাধাৰন সম্পাদক লক্ষীপ্ৰসাদ শইকীয়া,  সম্পাদক ভাস্কৰ কালিন্দি আদিৰ দৰে শীৰ্ষ নেতাই অংশ গ্ৰহন কৰে ৷

ইফালে কাজিৰঙাৰ লগতে ৰংঘৰ কাৰেং ঘৰ জে টি আই নামৰ ব্যক্তিগত কোম্পানীক অৰ্পণ কৰাৰ বিৰুদ্ধে কাজিৰঙাত বোকাখাত মহকুমা টাই আহোম ছাত্ৰ সংস্থাইও  ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সদস্য সকলে প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷

Related News