এডভান্টেজ আছামে প্রদূষণমুক্ত ঔদোগীকৰণৰ বাবে প্ৰয়াস চলাব

Bhutan-PM-with-cm-Assam-570x320

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টগবি গুৱাহাটীত আলোচনাকালত

বৰ্তমান গুৱাহাটীত চলি থকা বিশ্ব বিনিয়োগ সন্মিলন ‘এডভান্টেজ আছাম’ এ বিশ্বৰ আটাইতকৈ প্ৰদূষণ মুক্ত দেশ ভূটানৰ লেখীয়াকৈ ‘প্ৰদূষণ মুক্ত ঔদ্যোগীকৰণৰ বাবে প্ৰয়াস চলাব।

ঔদ্যোগিক সন্মিলনখনে পৰিৱেশত অতি ক্ষুদ্ৰ পৰিমানৰ ‘কাৰ্বন’ নিৰ্গত কৰা বিষয়টোত প্ৰধানকৈ গুৰুত্ব প্ৰদান কৰিব।

সংবাদ মাধ্যমৰ আগত অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয়, ‘’অসমৰ বৰ্তমান চৰকাৰখনে ৰাজ্যখনত প্ৰয়োজনীয় ঔদ্যোগীকৰণৰ ক্ষেত্ৰত দ্ৰুত বিকাশৰ লক্ষ্য আগত লৈও অতি প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনে সেইদৰে এক উদ্যোগ নীতি প্ৰস্তুত কৰিছে যাতে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সামান্য পৰিমানৰ ‘কাৰ্বন’ সৃষ্টি কৰা উদ্যোগ স্থাপনত সহায় হয়।‘’

তেওঁ লগতে আঙুলিয়াই দিয়ে যে ‘এডভান্টেজ আছাম’ৰ বাবে ১২ টা মুখ্য খণ্ডত দৃষ্টি দিব আৰু সেইবোৰ বেছিভাগেই প্ৰদূষণমুক্ত হ’ব। সেইবোৰৰ ভিতৰত তথ্য প্ৰযুক্তি, পৰ্যটন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, শক্তি, কৃষি আৰু খাদ্য সংসাধন, বাঁহশিল্প, আভ্যন্তৰীণ জল পৰিবহন আৰু অসামৰিক পৰিবহন আদি অন্যতম।