এথলীট সঞ্জীতা চানু সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ মণিপুৰৰ মুখ্য মন্ত্ৰীৰ

Sanjita-Chanu-570x320

ভাৰোত্তোলক সঞ্জীতা চানুৰ ফাইল ফটো

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেইমছত স্বৰ্ণ পদক জয় কৰি দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুনাম কঢ়িয়াই অনা মণিপুৰৰ এথলীট সঞ্জীতা চানু সম্প্ৰতি ড’পিং কেলেংকাৰীত সাঙোৰ খাই পৰা ঘটনাই সমগ্ৰ উত্তৰ-পূবৰ ক্ৰীড়া প্ৰেমীৰ লগতে  মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙো মৰ্মাহত হোৱা পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সিঙে এথলীটগৰাকীৰ সপক্ষে থিয় দি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যৱৰ্ধন সিং ৰাঠোৰলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে গ’ল্ড কষ্টত ভাৰোত্তোলনৰ ৫৩ কেজি শাখাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা সঞ্জীতা চানুৰ প্ৰস্ৰাৱৰ নমুনাত নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰাক কেন্দ্ৰ কৰি দেশৰ ক্ৰীড়া মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এই সমগ্ৰ ঘটনাটোৰ উপযুক্ত তদন্ত কৰিবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীক বিশেষভাৱে অনুৰোধ জনাইছে মণিপুৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

লক্ষ্যণীয়ভাৱে সঞ্জীতাক ইতিমধ্যে বিশ্ব ভাৰোত্তোলন সংস্থাই সাময়িকভাৱে নিষিদ্ধ ঘোষণা কৰিছে। মুখ্য মন্ত্ৰী বীৰেন সিঙে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীক প্ৰেৰণ কৰা পত্ৰত এই বুলি উল্লেখ আছে যে যিহেতু আমেৰিকাত খেলুৱৈগৰাকীৰ ড’প টেষ্ট সম্পন্ন কৰা হৈছিল সেয়ে এই ক্ষেত্ৰত ভুল হোৱাৰ সম্ভাৱনা অধিক। মুখ্য মন্ত্ৰীগৰাকীয়ে সঞ্জীতাৰ ড’প পৰীক্ষা ঘৰত অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।