• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

২৫ কোটিৰ ষ্টাৰ্কৰ আঙুলিত ধৰি আইপিএলৰ ফাইনেলত কলকাতা; বলিং বিক্ৰমত দিশহাৰা হায়দৰাবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2024 7:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ পাছত পুনৰ আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে। কলকাতাই কালিৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰে। পেট কামিন্সৰ বিৰুদ্ধে এইখন গুৰুত্বপূৰ্ণ মেচত জিলিকি উঠিছে মিচেল ষ্টাৰ্ক। ২৫ কোটিৰ বলাৰগৰাকীয়ে প্ৰথম পাঁচ অভাৰত ৩টা উইকেট দখল কৰি কেকেআৰক নতুন মাত্ৰা দিয়ে। হায়দৰাবাদৰ ১৫৯ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে কেকেআৰে ১৩.৪ অভাৰত ২ উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰে। ২০ অভাৰৰ মেচখনত ৩৮টা বল বাকী থকা অৱস্থাতে ফাইনেলত প্ৰৱেশ কৰে কলকাতা।

কামিন্সে টছত জয়লাভ কৰি আহমেদাবাদৰ ২২ গজত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। হায়দৰাবাদৰ ট্ৰেভিছ হেড-অভিষেক শৰ্মাৰ উদ্বোধনী যুটি কোৱালিফায়াৰখনত উন্নত প্ৰদৰ্শনত ব্যৰ্থ হয়। মেচখনৰ দ্বিতীয়টো বলত ষ্টাৰ্কে হেডক আউট কৰে। দ্বিতীয় অভাৰত অভিষেকক আউট কৰে বৈভৱ অৰোৰাই। ষ্টাৰ্কে তৃতীয় অভাৰৰ শেষৰ দুটা বলত তেওঁ নীতিশ কুমাৰ ৰেড্ডী (৯) আৰু শ্বাহবাজ আহমেদ (শূন্য)ক আউট কৰে।

৩৯ ৰাণত ৪টা উইকেট পৰাৰ পাছত হায়দৰাবাদে পুনৰ যুঁজত নামি পৰে৷ৰাহুল ত্ৰিপাঠীক তিনি নম্বৰত আৰু হাইনৰিখ ক্লাচেনক ছয় নম্বৰত প্ৰেৰণ কৰে৷ ক্লাচেনে ২১ বলত ৩২) ৰান আৰু ৰাহুলে ৩৫টা বলত ৭টা চাৰি আৰু ১টা ছয়ৰে ৫৫ ৰান সংগ্ৰহ কৰে। আব্দুল ছামাদে ১২টা বলত ১৬ ৰান সংগ্ৰহ কৰে। কামিন্সে ২৪টা বলত ২টা চাৰি আৰু শেষত ছয়ৰ সৈতে ৩০ ৰান সংগ্ৰহ কৰে ৩ বল বাকী থকা অৱস্থাত ১৫৯ ৰানত কামিন্সৰ ইনিংছ শেষ হয়।

Apply Now

এই দিনটোত কে কে আৰৰ সকলো বলাৰেই উইকেট লাভ কৰে। সৰ্বাধিক সফল ষ্টাৰ্কে ৩৪ ৰানত ৩ উইকেট দখল কৰে। বৰুণৰ ২৬ ৰানত ২ উইকেট। ৰাছেলৰ ১৫ ৰানত ১ উইকেট। বৈভৱে ১৭ ৰানত ১ উইকেট। হৰ্ষিত ৰাণাই ২৭ ৰানত ১ উইকেট দখল কৰে। নাৰিইনৰ ১ উইকেটত ৪০ ৰান।

জয়ৰ বাবে ১৬০ ৰানৰ লক্ষ্যৰে বেটিং কৰিবলৈ লোৱা কেকেআৰে আৰম্ভণিৰে পৰাই সাৱলীল আছিল। নাৰিইন-ৰহমানুল্লাহ গুৰবাজৰ নতুন উন্মোচনী যুটিয়েও দলটোক আত্মবিশ্বাস প্ৰদান কৰে। আফগান উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ১৪টা বলত ২৩ ৰানৰ ইনিংছ সংগ্ৰহ কৰে। ১৬টা বলত ২১ ৰান সংগ্ৰহ কৰে নাৰিইনে। ২৮টা বলত ৫১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ভেংকটেশ আয়াৰ।ইয়াৰ উপৰিও শ্ৰেয়াছে ৫টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ২৪টা বলত ৫৮ ৰানৰ অপৰাজিত ইনিংছ খেলে।

হায়দৰাবাদৰ বলাৰৰ ভিতৰত নটৰাজনে ২২ ৰানত ১ উইকেটৰে সফল হয়। কামিন্সে ৩৮ ৰানত ১ উইকেট দখল কৰে। আন কোনো বলাৰেই এটা উইকেট লোৱা নাছিল। প্ৰথম কোৱালিফায়াৰত পৰাস্ত হ’লেও হায়দৰাবাদৰ আই পি এলৰ ফাইনেললৈ যোৱাৰ সুযোগ আছে। বুধবাৰে ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ মাজত এলিমিনেটৰত বিজয়ী দলৰ সৈতে দ্বিতীয়খন কোৱালিফায়াৰত খেলিব কামিন্সৰ দলটোৱে। সেই মেচখনত জয়ী হ’লে ফাইনেলত পুনৰ কেকেআৰৰ মুখামুখি হোৱাৰ সুযোগ পাব হায়দৰাবাদে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd