এনআৰচিত কেইবা লক্ষ বাংলাদেশী মূলীয় লোকৰ নাম বাদ পৰিব বুলি চৰ্চা আৰম্ভ হোৱাৰ সময়ত বিষয়টোক লৈ বাংলাদেশ চৰকাৰে স্বাভাৱিকতে উদ্বিগ্নতা প্ৰকাশ কৰিছে বুলি প্ৰকাশ কৰিছে ভিন্ন সংবাদ মাধ্যমে ৷
বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ পৰা প্রকাশিত দুখন আগশাৰীৰ ৰাষ্ট্রীয় পর্যায়ৰ বাতৰি কাকতে কালি প্রকাশ কৰা বাতৰি অনুসৰি অসমত থকা লক্ষাধিক লোক সংকটত পৰিব বুলি আশংকা ব্যক্ত কৰা হৈছে৷
আনকি বিগত কেইবাদিনো ধৰি বাংলাদেশৰ সংবাদ মাধ্যমত অসমত চলি থকা এনআৰচিৰ প্রসংগ চর্চিত হৈ আহিছে৷ ইয়াক লৈ সংবাদপত্র সমূহত একাংশ বুদ্ধিজীৱীয়ে বিশ্লেষণো আগবঢ়াইছে৷ কালি প্রকাশিত বাতৰি অনুসৰি যদিহে এনআৰচিত লক্ষাধিক বাংলাদেশীৰ নাম বাদ পৰে, তেন্তে সেই লোকসকলৰ কি অৱস্থা হ’ব বুলিও শংকা ব্যক্ত কৰা হৈছে৷
বাংলাদেশৰ আগশাৰীৰ কাকত ‘ভোৰেৰ কাগজ’ আৰু ‘ইনকিলাব’-এ কালি অসমৰ এনআৰচিক লৈ বাতৰি প্রকাশ কৰাৰ লগতে নাম কর্তন হোৱা বাংলাদেশীৰ কি অৱস্থা হ’ব তাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে।
উল্লেখযোগ্য যে অসমত অবৈধভাৱে হাজাৰ হাজাৰ বাংলাদেশী প্রৱেশ কৰাৰ কথা বাংলাদেশে কেতিয়াও স্বীকাৰ কৰা নাছিল বা বর্তমানেও স্বীকাৰ কৰা নাই৷ সমান্তৰালভাৱে সীমান্তৰে অবৈধভাৱে প্রৱেশ কৰা বাংলাদেশীক সীমান্তৰ নিৰাপত্তাৰক্ষীয়ে ওভতাই পঠিয়ালে চুবুৰীয়া ৰাষ্ট্রখনৰ নিৰাপত্তাৰক্ষীয়ে ঘূৰাই পঠিয়ায়৷
আইনী প্রক্রিয়াৰ জৰিয়তে বুজাবুজিৰ মাজেৰে ঘূৰাই পঠিওৱাসকলৰ বাহিৰে অবৈধভাৱে নিয়মীয়া গতিত প্রৱেশ কৰাসকলক ওভতাই পঠিয়ালে পুনৰ অন্য পথেৰে আহি অসম বা ভাৰতৰ অন্য ৰাজ্যত প্রৱেশ কৰা প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত আছে৷ লক্ষণীয়ভাৱে অবৈধভাৱে বাংলাদেশীয়ে অসমত প্রৱেশ কৰাৰ সময়ত বাংলাদেশৰ বুদ্ধিজীৱীয়ে কোনো মাত মতা নাছিল৷ দেশখনৰ সংবাদ পত্রসমূহে তাক লৈ কোনো বাতৰি পৰিৱেশন কৰা নাছিল৷
কিন্তু এতিয়া অবৈধ বাংলাদেশী চিনাক্ত হোৱাটো নিশ্চিত হোৱা আৰু এনআৰচিত নাম অন্তর্ভুক্ত নোহোৱাটো নিশ্চিত হৈ পৰাত এতিয়া ক্রমাৎ চুবুৰীয়া ৰাষ্ট্রখনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷