এনআৰচি সেৱা কেন্দ্ৰত পৰ্যাপ্ত খোৱাপানী-শৌচালয়ৰ ব্যৱস্থাৰ দাবীৰে কোকৰাঝাৰৰ উপায়ুক্তক স্মাৰক পত্ৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ

NRC

কোকৰাঝাৰ জিলাৰ বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰসমূহত পৰ্যাপ্ত পৰিমাণৰ খোৱাপানী, শৌচাগাৰ আদি ব্যৱস্থা কৰি দিয়াৰ দাবীৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ছেলিম আহমেদৰ নেতৃত্বত যোৱা এটা ৩০ জনীয়া সজাতি দলে জিলাখনৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

এই প্ৰসংগত ছেলিম আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে এন আৰ চি পুনৰীক্ষণৰ বাবে সেৱা কেন্দ্ৰ সমূহত অসমৰ বিভিন্ন অঞ্চলৰ পৰা দৈনিক শ শ লোক আহে। এই লোক সকলৰ বাবে প্ৰশাসনে প্ৰদান কৰা খোৱা পানী, শৌচালয় পৰ্যাপ্ত নহয়। সেয়ে আজি আমি জিলা উপায়ুক্তৰ জৰিয়তে সেৱা কেন্দ্ৰ সমূহত আৰু অধিক খোৱা পানী ব্যৱস্থা আৰু শৌচালয় স্থাপনৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰদান কৰিছো।

তেওঁ লগতে কয় যে কিছু কিছু সংখ্যালঘু পৰিয়ালক একেটা দিনতে বেলেগ বেলেগ এন আৰ চি সেৱা কেন্দ্ৰত শুনানীৰ বাবে পত্ৰ প্ৰেৰণ কৰাত পৰিয়ালসকলৰ মাজত আহুকালৰ সৃষ্টি হৈছে। এই সমস্যা সন্দৰ্ভত চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ছেলিম আহমেদে।

উল্লেখ্য যে নিতৌ শ শ লোকে শুনানীৰ বাবে কোকৰাঝাৰৰ বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰসমূহত ভিৰ কৰেহি। শুনানীৰ বাবে অহা কিছু সংখ্যক লোকে আমাক জানিবলৈ দি কয় যে প্ৰশাসনৰ তৰফৰ পৰা খোৱা পানী, শৌচালয় প্ৰদান কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত নহয়। যদিহে এই ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা আৰু অধিক খোৱা পানী আৰু শৌচালয়ৰ ব্যৱস্থা কৰি দিয়ে তেন্তে সেৱা কেন্দ্ৰ সমূহলৈ অহা সকলো লোক যথেষ্ট উপকৃত হ’ব।