এন আৰ চিত নাম নাথাকিলেও ভোট দিব পাৰিব : মুখ্য নিৰ্বাচন আয়ুক্ত

OmPrakashRawt

অসমত উন্নীতকৃত হোৱা চূড়ান্ত এন আৰ চিতো যদি নাম নাথাকে, তেতিয়াও ভোটাৰ তালিকাৰ পৰা এই সকলৰ নাম স্বয়ংক্ৰিয়ভাৱে বাদ নপৰে। এই কথা স্পষ্ট কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ওমপ্ৰকাশ ৰাৱতে।

৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ (অসম) চূড়ান্ত খচৰাৰ পৰা ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰাক লৈ দেশৰ সৰ্বত্ৰে হৈ-চৈৰ সৃষ্টি হৈ থকাৰ সময়তে সংবাদ মাধ্যমে সোধা এটা প্ৰশ্নৰ উত্তৰ দি ৰাৱতে এইদৰে স্পষ্ট কৰে।

তেওঁক সোধা হৈছিল যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো  সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ পৰা (এন আৰ চি) বাদ পৰাসকলে ভোটাধিকাৰৰ ক্ষেত্ৰত কি পৰিণতিৰ সন্মুখীন হ’ব? এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে ভোটাৰ তালিকা এটা নিয়মৰ দ্বাৰা পৰিচালিত হয় আৰু চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা মানেই অসমৰ ভোটাৰ তালিকাৰ পৰা স্বয়ংক্ৰিয়ভাৱে বাদ পৰাটো নুবুজায়।

ৰাৱতে তিনিটা বিকল্পৰ কথা উল্লেখ কৰি কয়, চূড়ান্ত নাগৰিকপঞ্জীত নাম নথকা সত্ত্বেও ৰাজ্যখনৰ ভোটাৰ তালিকাত নাম থাকিব আৰু অহা লোকসভা নিৰ্বাচনত ভোট দিব পাৰিব, যদিহে তেওঁ (বাদ পৰা কোনো ভোটাৰে) নিৰ্বাচনী পঞ্জীয়ন বিষয়াক তিনিটা কথা উপযুক্ত নথি-পত্ৰসহ প্ৰমাণ কৰি দেখুৱাব পাৰে। এক- তেওঁ ভাৰতীয় নাগৰিক হয়। দুই- তেওঁৰ বয়স ২০১৯ চনৰ জানুৱাৰিত নিম্নতম ১৮ বছৰ আৰু তিনি- তেওঁ সেই সমষ্টিটোৰ এজন সাধাৰণ বাসিন্দা হয়।

ৰাৱতৰ মতে, অহা বছৰ হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ভোটাৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ তিনিটা পৰিস্থিতি নিৰ্ণয় কৰিছে, প্ৰথম- ৰাজ্যখনৰ ভোটাৰ তালিকাত নাম থকা আৰু এন আৰ চিতো নাম থকাসকলৰ কোনো সালসলনি নহয়। দ্বিতীয়- যিসকল ভোটাৰৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে কিন্তু বিদেশী ন্যায়াধিকৰণ বা আদালতৰ ‘বিদেশী’ ৰায়ৰ সন্মুখীন হ’ব লগীয়া হোৱা নাই, তেওঁলোকৰ নাম ভোটাৰ তালিকাত থাকিব।

আনহাতে যিসকলৰ নাম এন আৰ চিতো নাই আৰু তেওঁলোকৰ নাম বাদ পৰাটোক ন্যায়ালয়ত প্ৰত্যাহ্বান নজনালে তেওঁলোকৰ ক্ষেত্ৰত ১৯৫০ চনৰ প্ৰতিনিধিত্ব আইন (Representation of People Act of 1950)ৰ দ্বাৰা নিৰ্ধাৰিত যোগ্যতাসূচক মানবোৰৰ আধাৰত ভোটাৰ পঞ্জীয়ন বিষয়াই সিদ্ধান্ত ল’ব।

মুখ্য নিৰ্বচন আয়ুক্তজনক আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধা হৈছিল এই বুলি- এন আৰ চিৰ পৰা বাদ পৰাটোৱে এজন লোকৰ ভাৰতীয় নাগৰিকত্বৰ ওপৰত সন্দেহৰ সৃষ্টি কৰে নেকি? ইয়াৰ উত্তৰত তেওঁ কয়, “ধৰক মই অসমত চাকৰি কৰি আছো। কিন্তু মই মধ্য প্ৰদেশত ডাঙৰ-দীঘল হৈছো। আপোনালোকে মোক কেনেকৈ ক’ব পাৰে যে মোৰ নাম এন আৰ চিত নথকা মানেই মই ভাৰতীয় নাগৰিক নহওঁ। সেইটো ক’ব নোৱাৰি।”

আয়ুক্তজনে সাংবাদিকক জনোৱা মতে, নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচনী বিষয়াক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক লগ কৰি খচৰা এন আৰ চিৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াটোৰ সৈতে অসমৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনৰ সংগতি ৰক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা অহা বছৰৰ ৪ জানুৱাৰিত প্ৰকাশ কৰা হ’ব। আয়োগে এই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা এটা প্ৰাথমিক প্ৰতিবেদন আশা কৰিছে।