এন আৰ চিৰ নথি পত্ৰ পৰীক্ষণৰ মাজতে ভুৱা নথি দাখিলৰ বহু ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। ৩০ জুনত প্ৰকাশ পাবলগীয়া চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্তিৰ বাবে বহু অবৈধ নাগৰিকে সৰ্বতো প্ৰকাৰে প্ৰচেষ্টা চলাইছে যদিও তাৰ মাজতে পৰীক্ষণৰ সময়তে ধৰা পৰিছে এনে বহু জালিয়াতিৰ ঘটনা।
এনে এক এন আৰ চিত জালিয়াতিৰে তথ্য দাখিল কৰাৰ অভিযোগত বুধবাৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজন জটিয়াভাঙাৰা গাঁৱৰ ইছাৰ কেম্পৰ হাৰেজ আলী, জেৰিনা বেগম আৰু নুৰবানু বেগম বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।
জটিয়াভাঙাৰা গাওঁ পঞ্চায়ত কাৰ্যালয়ত অৱস্থিত এন আৰ চি কেন্দ্ৰৰ বিষয়াই দাখিল কৰা এজাহাৰৰ ভিত্তিত বাইহাটা চাৰিআলি আৰক্ষীয়ে লোক তিনিজনক গ্ৰেপ্তাৰ কৰে। হাৰেজ আলীয়ে তেওঁৰ লিগেচী ডাটাত জেৰিনা বেগম, নুৰবানু বেগম আৰু ফাটেমা বেগমক নিজৰ ভনীয়েক বুলি পৰিচয় দি এন আৰ চিত নথি দাখিল কৰিছিল।
তাৎপৰ্য্যপূৰ্ণভাৱে হাৰেজ আলীৰ জ্যেষ্ঠ ভাতৃ চমৰ আলীয়ে তিনিওগৰাকী মহিলা তেওঁৰ প্ৰয়াত পিতৃ মমতাজ আলীৰ কন্যা নহয় বুলি অভিযোগ দাখিল কৰে।
এন আৰ চি সেৱা কেন্দ্ৰত হাৰেজ আলীক হাজিৰ কৰি চমৰ আলীৰ অভিযোগ সন্দৰ্ভত অৱগত কৰাত হাৰেজ আলীয়ে মহিলা তিনিগৰাকী তেওঁৰ পিতৃৰ তোলনীয়া জী আছিল বুলি লিখিতভাৱে জনায় যদিও এই কথাও চমৰ আলীয়ে অস্বীকাৰ কৰে।
ইয়াৰ পিছতে তদন্ত কৰি এন আৰ চিৰ স্থানীয় বিষয়াই হাৰেজ আলীয়ে অবৈধভাৱে নিজৰ লিগেচী ডাটাত তিনিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি ভুৱা তথ্য দাখিল কৰাটো স্পষ্ট কৰে।
আনহাতে, মহিলা তিনিগৰাকীয়ে নিজৰ বৈধ প্ৰমাণ-পত্ৰ দাখিল কৰিব নোৱৰাত হাৰেজ আলী আৰু মহিলা তিনিগৰাকীৰ বিৰুদ্ধে এন আৰ চি কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰৰ ভিত্তিতে হাৰেজ আলী, জেৰিনা বেগম আৰু নুৰবানু বেগমক গ্ৰেপ্তাৰ কৰা হয় যদিও আন গৰাকী ফাটেমা বেগমৰ এতিয়ালৈ কোনো শুংসূত্ৰ পোৱা নাই বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।