এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হ’বলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী ৷ এন আৰ চি ৰ চূড়ান্ত খচৰাৰ প্ৰকাশকলৈ ৰাজ্যবাসী উদ্বিগ্ন হৈ আছে ৷ পাইলট প্ৰজেক্টৰ কামত হিংসাত্মক ঘটনা সংঘটিত হোৱা বৰপেটা জিলাৰ প্ৰতি ৰাজ্যবাসীৰ নজৰ নিবদ্ধ হৈ আছে ৷ আজি প্ৰকাশ পাব লগা এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মনৰ ভাৱ জানিবলৈ এই প্ৰতিবেদকেও চলোৱা এক প্ৰতিবেদনৰ পৰা অনুমান কৰিব পাৰি জিলাখনত শান্তিপূৰ্ণ ভাবে প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত খচৰা ৷
শান্তিপূৰ্ণভাবে এন আৰ চি প্ৰকাশত আশাবাদী বৰপেটা জিলাবাসী ৷ বিভিন্ন প্ৰান্তৰ ৰাইজৰ স্পষ্ট মত এন আৰ চিত বৈধ কোনো ভাৰতীয়ৰ নাম বাদ পৰিব নালাগে আৰু কোনো বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হ’ব নালাগে ৷ এন আৰ চিক লৈ ৰাইজৰ আশংকা দূৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ লগতে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনে ৰাইজক বিভিন্ন ধৰণে সজাগতামূলক সভা সমিতি অনুষ্ঠিত কৰি আহিছে ৷
উল্লেখ্য যে, এন আৰ চিৰ ক্ষেত্ৰত স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটা জিলাত এন আৰ চিক লৈ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা চলাই আহিছে৷ এন আৰ চি প্ৰসংগত বিভিন্ন দল সংগঠনৰ উপস্থিতিত শনিবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰে ৷
কংগ্ৰেছ, বিজেপি, অগপ, এ আই ইউ ডি এফ, বিপিএফ দলৰ লগতে আছু, আমছু, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, এন এছ ইউ আই আদি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত এন আৰ চিৰ বাবে বৰপেটাক বদনাম কৰাৰ সুযোগ দিব নালাগে বুলি মন্ত্ৰীগৰাকীয়ে সকলোৰে প্ৰতি আহ্বান জনায় ৷ পাইলট প্ৰজেক্টৰ দৰে এন আৰ চিক লৈ যাতে বৰপেটাত হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰবাবে সকলোকে সজাগ হৈ থাকিবলৈও মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায়৷
এন আৰ চিক লৈ একাংশই অপপ্ৰচাৰ চলাই আহিছে যদিও প্ৰকৃততে এন আৰ চিক লৈ কোনো বৈধ লোকৰ শংকিত হোৱাৰ কাৰণ নাই বুলি চৰকাৰ তথা প্ৰশাসনে আগবঢ়োৱা ঘোষণাৰ পৰিপ্ৰেক্ষিতত জিলাবাসী উদ্বিগ্ন যদিও আতংকিত নহয়৷
ইপিনে এন আৰ চি সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই জনায় যে বৰপেটা জিলাখন স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰি জিলাখনক ৫টা মণ্ডল আৰু ১৩৩টা চেক্টৰত ভাগ কৰা বুলি জনায়৷ এন আৰ চিক লৈ জিলাখনত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে৷
আৰক্ষীক সহায় কৰাৰ বাবে জিলাখনত থকা সেনাৰ কোম্পানীৰ লগতে তিনিটা অৰ্ধ সামৰিক বাহিনী, দুটা এছ এছ বিৰ বাহিনী, দুটা আই টি বি পি আৰু দুটা চি আই এচ এফ সহ আৰক্ষী বাহিনীৰ মুঠ ৯টা কোম্পানীক মোতায়ন কৰা হৈছে।