• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

এন ডি পি পিৰ প্রাৰ্থী তালিকা প্ৰকাশ : আইন মানি প্ৰচাৰ চলাবলৈ দলীয় কৰ্মীক আহ্বান নেইফিউ ৰিঅ’ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 8:29 pm
NDPP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডত নিৰ্বাচনী মিত্ৰ বিজেপিয়ে ইয়াৰ ভাগত পৰা ২০ জন প্ৰাৰ্থীক টিকট দিয়াৰ কেই ঘণ্টামানৰ পিছতে নৱগঠিত এন ডি পি পিয়েও (নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি) ইয়াৰ ভাগত পৰা ৪০ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

এন ডি পি পিৰ মুখ্য মন্ত্ৰিত্বৰ প্ৰাৰ্থী আৰু লোকসভাৰ সাংসদ নেইফিউ ৰিউ আৰু দলটোৰ সভাপতি চিংৱাং কন্যাকে চুমুকেডিমাত থকা দলটোৰ মুখ্য কাৰ্য্যালয়ত এই তালিকা ঘোষণা কৰে। তালিকা ঘোষণা কৰাৰ পূৰ্বে দলীয় কৰ্মীক উদ্দেশ্যি দিয়া ভাষণত ৰিউই কয় যে দলটোৱে বিজেপিৰ সৈতে শাসনলৈ আহিলে সুপ্ৰশাসন আৰু সুস্থিৰ চৰকাৰ প্ৰদান কৰিব। লগতে নাগাসকলৰ ইতিহাসৰ গতি সলনি কৰিব বুলিও তেওঁ কয়। তেওঁ দলৰ প্ৰাৰ্থীসকলক কাইলৈৰ পৰা মনোনয়ন দিবলৈ আহ্বান জনায়।

Apply Now

অভিজ্ঞ নেতাজনে দলৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ কাৰ্য্যসূচীবোৰ ৰাইজৰ জ্ঞাতাৰ্থে আগ বঢ়াবলৈ কোৱাৰ লগতে বিৰোধী নেতাক সমালোচনা নকৰিবলৈও আহ্বান জনায়। সকলো আইন মানি চলিবলৈ আৰু বিনম্ৰভাৱে আচৰণ কৰিবলৈও তেওঁ আহ্বান জনায়।

অহা দুদিনৰ ভিতৰত দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব বুলি তেওঁ কয়। নাগা ৰাজনৈতিক সংকটৰ সমাধানৰ বাবে কাম কৰি যাব বুলিও কয় তিনিবাৰকৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হোৱা নেতাজনে।

উল্লেখযোগ্য যে নাগালেণ্ডত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিল কৰাৰ সময়সীমা অহা ৭ ফেব্ৰুৱাৰিত অন্ত পৰিব। এই পৰ্য্যন্ত কোনো প্ৰাৰ্থীয়েই মনোনয়নপত্ৰ দাখিল কৰা নাই। এন এছ চি এন তথা নাগা হোহো বিলাকৰ নিৰ্বাচন বৰ্জনৰ আহ্বান তথা ইয়াৰ ব্যতিক্ৰমে বিষম পৰিণতি ভুগিব লাগিব বুলি দিয়া ভাবুকিৰ কথাটো এইখিনিতে মনত পেলাব পাৰি।

আনহাতে তেওঁ কয় যে কেন্দ্ৰৰ শাসনত থকা এন ডি এ আৰু প্ৰধান মন্ত্ৰী মোদী আৰু বিজেপিয়ে নৱগঠিত দলটোৰ প্ৰতি প্ৰকাশ কৰিছে। ইয়াৰ চিন স্বৰূপে ৰাজ্যখনৰ শাসনত থকা এন পি এফৰ সৈতে থকা ১৫ বছৰীয়া মিত্ৰতাৰ অন্ত পেলাই দলটোৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰিছে, গতিকে প্ৰাৰ্থীসকলে যাতে বিশ্বাস ভংগ নকৰে তাৰ বাবে তেওঁ আহ্বান জনাইছে।

আনহাতে নাগা ৰাইজ আৰু নাগা হোহো বিলাকে নিৰ্বাচনৰ পূৰ্বেই নাগা ৰাজনৈতিক সংকটৰ সমাধান বিচৰা কথাটোত সমৰ্থন প্ৰকাশ কৰিও নেতাজনে কয় যে নিৰ্বাচন এটা সাংবিধানিক প্ৰক্ৰিয়া আৰু ইয়াক মানি চলিবই লাগিব।

আনহাতে নৱগঠিত এন ডি পি পিৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৪০খনকৈ আসন এৰি দিয়াৰ ফলত নাগালেণ্ড ৰাজ্যিক বিজেপিৰ মাজত অসন্তুষ্টি সৃষ্টি হোৱা সত্ত্বেও ৰাজ্যিক নেতাসকলে আজি কৈছে যে তেওঁলোক ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশৰ দ্বাৰা পৰিচালিত হ’বলৈ বাধ্য। তেওঁলোকে তেওঁলোকৰ আৱেদন সন্দৰ্ভত ৰাষ্ট্ৰীয় সভাপতিৰ পৰা উত্তৰ পাবলৈ অপেক্ষা কৰিব বুলিও কয়।

উল্লেখযোগ্য যে যোৱা ৩ ফেব্ৰুৱাৰিত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই নাগালেণ্ডৰ নৱগঠিত দল এন ডি পি পিৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰি দলটোক ৪০খন আসন দি নিজলৈ ২০খন আসন ৰাখিছিল। ইয়াৰ বাবে নাগালেণ্ড ৰাজ্যিক বিজেপিত ক্ষোভৰ উমান পোৱা গৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি আৰু সম্পাদকে ৰাষ্ট্ৰীয় নেতৃত্বলৈ তেওঁলোকে এই মিত্ৰতা মানি ল’ব নোৱাৰে বুলিও পত্ৰ প্ৰেৰণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd