• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

এন পি পিৰ মৰ্চা চৰকাৰখন টিকি নাথাকে বুলি কৰা দাবীৰ ভিত্তি কি মুকুল চাংমাই জনাওক : কনৰাড চাংমা

চাইদুল খান by চাইদুল খান
May 21, 2018 6:46 pm
Conrad-K-Sangma-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৮ মে’ত অনুষ্ঠিত হ’ব লগীয়া মেঘালয়ৰ বিধানসভাৰ আমপাতি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। এটা সমষ্টিৰ নিৰ্বাচন যদিও মেঘালয়ত বিগত নিৰ্বাচনে দিয়া ৰাজনৈতিক সমীকৰণে এই আসনখনৰ গুৰুত্ব অপৰিসীমভাৱে বৃদ্ধি কৰিছে। গতিকে শাসক-বিৰোধী কোনো পিছপৰি ৰোৱা নাই নিৰ্বাচনী প্ৰচাৰত।

উল্লেখযোগ্য যে আমপাতি সমষ্টিটো খালী হৈছিল প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই এইটো এৰি দিয়া বাবে। কংগ্ৰেছী নেতাজনে বিগত বিধানসভা নিৰ্বাচনত দুটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। আমপাতি সমষ্টিৰ লগতে তেওঁ ছংছাক সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল। পিছত আমপাতি সমষ্টি এৰি দিয়ে।

Apply Now

সম্প্ৰতি খালী থকা এই সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা মুকুল চাংমাৰ জীয়েক মিয়ামি ডি শ্বিৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে শাসনত থকা এন পি পিৰ পৰা উঠিছে ক্লেমেণ্ট জি মোমিন (Clement G. Momin) আৰু তেওঁক এম ডি এ (মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স)ৰ মৰ্চাৰ সৰ্বসন্মত প্ৰাৰ্থী বুলি দাবী কৰিছে কনৰাড চাংমাই।

আজি সমষ্টিটোত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্য মন্ত্ৰী প্ৰেছটন টিনছঙে প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু কংগ্ৰেছী নেতা মুকুল চাংমাক তীব্ৰ সমালোচনা কৰে।

কনৰাড চাংমাই কয় যে মুকুল চাংমাক সমষ্টিটোৰ ৰাইজে জনাদেশ দিছিল, কিন্তু চাংমাই সেয়া অসন্মান কৰিলে। কাৰণ তেওঁ নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে সমষ্টিটোৰ প্ৰতিনিধিত্ব এৰি দিলে।

আনহাতে প্ৰেষ্টন টিনচঙে কয় যে কংগ্ৰেছক এতিয়া ভোট দিয়াৰ কোনো মানে নাই। কংগ্ৰেছ এতিয়া গৃহ কন্দলত বিধ্বস্ত। “মই আৰু স্নিৱাভালাং ধৰে এই গৃহ কন্দলৰ বাবেই কংগ্ৰেছ এৰি আহিলো।” তেওঁ কয়। কনৰাড চাংমাৰ দৰে তেৱোঁ কয় যে মুকুল চাংমাই আমপাতি সমষ্টিবাসীৰ প্ৰতি অকৃতজ্ঞতাৰ দৃষ্টান্ত দাঙি ধৰিলে।

ইফালে, এটা সূত্ৰই জনোৱা মতে সমষ্টিটোত এম ডি এৰ আন আন সহযোগী দলবোৰেও সোনকালেই জোৰদাৰ প্ৰচাৰ চলাব।

মন কৰিব লগীয়া যে কনৰাড চাংমাই আজিৰ সভাখনত কংগ্ৰেছ দলৰ নেতা মুকুল চাংমাই এম ডি এৰ মৰ্চা চৰকাৰখন বেছিদিন টিকি নাথাকে বুলি অপপ্ৰচাৰ চলোৱাৰ অভিযোগো আনে। তেওঁ কয় যে মুকুল চাংমাই মৰ্চা চৰকাৰখনক ৬মাহহে আয়ুস দিয়া বুলি কৈ ফুৰাৰ অন্তৰালত কি ভিত্তি আছে জনাব লাগে।

“উপ-নিৰ্বাচনৰ পিছতে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি কংগ্ৰেছ দলটোৱে অপপ্ৰচাৰ চলাই আছে। এই দাবীৰ ভিত্তি কি মুকুল চাংমাই জনাওক। এই নিৰ্বাচন জিককেই বা হাৰকেই ইয়াৰ পৰা কংগ্ৰেছে পাব লগীয়া একো নাই। তেওঁলোকৰ আন একো ক’ব লগীয়া নাই বাবেই এই অপপ্ৰচাৰ চলাই আছে।” কনৰাড চাংমাই কয়।

“আমি সকলো একতাৰে আছো, আৰু পৰৱৰ্তী ২৫ বছৰ আমি মেঘালয়ৰ মানুহৰ বাবে কাম কৰি যাম।” লগতে তেওঁ এইদৰে কয়।

উল্লেখযোগ্য যে অলপতে হৈ যোৱা ৱিলিয়ামনগৰ উপ নিৰ্বাচনতো এন পি পি দলৰ প্ৰাৰ্থী জয়ী হৈছিল। তাত কংগ্ৰেছ প্ৰাৰ্থীজন দ্বিতীয় স্থান পাবলৈও সক্ষম হোৱা নাছিল। দ্বিতীয় স্থান লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীজনে।

মন কৰিব লগীয়া যে যোৱা ৩ মাৰ্চত ঘোষিত মেঘালয় বিধানসভা সমষ্টিৰ নিৰ্বাচনত ২১খন আসনেৰে কংগ্ৰেছেই একক সংখ্যাগৰিষ্ঠ দল আছিল যদিও মাত্ৰ ২খন আসন পোৱা বিজেপিয়ে তৎকালীনভাৱে ১৯খন আসন পোৱা এন পি পিৰ সৈতে নিৰ্বাচনোত্তৰ মৰ্চা গঠন কৰি আৰু অন্যান্য দলবোৰক লগত লৈ অকংগ্ৰেছী চৰকাৰ গঠনৰ ব্যৱস্থা কৰে, য’ত এন পি পিৰ কনৰাড চাংমা মুখ্য মন্ত্ৰী হয়।

কিন্তু পৰিস্থিতিটো এতিয়া এনেকুৱা হৈ আছে যে ৬০খন আসন থকা ৰাজ্যখনত কনৰাড চাংমা মুখ্য মন্ত্ৰী হৈ থকা মৰ্চাটোত কেইবাটাও দলৰ সন্মিলনত আছে ৩৩খন আসন। চৰকাৰ গঠনৰ প্ৰয়োজনীয় সংখ্যাতকৈ মাত্ৰ দুখন আসন বেছি হৈ আছে। মৰ্চাৰ কোনো এটা বা দুটা গুৰুত্বপূৰ্ণ অংশৰ বিচ্ছেদেই কংগ্ৰেছলৈ সুযোগ আনিব পাৰে চৰকাৰ গঠনৰ দাবী তুলিবলৈ। সেয়েহে কংগ্ৰেছেও এই উপ-নিৰ্বাচন জিকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

আনহাতে অলপতে কৰ্ণাটকৰ নিৰ্বাচনৰ পিছতে তাৰ ৰাজ্যপালে নিৰ্বাচনোত্তৰ সংখ্যাগৰিষ্ঠ মৰ্চাটোক চৰকাৰ গঠন কৰিবলৈ নিদি, একক সংখ্যাগৰিষ্ঠ দলটোক আমন্ত্ৰণ জনোৱাৰ পিছতে মেঘালয়, মণিপুৰত কংগ্ৰেছে একেই যুক্তি আৰু নিয়মৰ আধাৰত কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাব লাগে বুলি দাবী তুলিছিল।

চাইদুল খান

চাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd