নাগালেণ্ডত প্ৰতিবছৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ বাবে অধিক আসনৰ ব্যৱস্থা কৰাৰ দাবী কৰিছে অল নাগালেণ্ড কলেজ ষ্টুডেণ্টছ ইউনিয়নে ।
নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এছ পাংন্যু ফোমলৈ প্ৰেৰণ কৰা এখন পত্ৰত ছাত্ৰ সংগঠনটোৱে দেখুৱাই দিছে যে এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ বাবে আসন বৃদ্ধি কৰিছে যদিও দীৰ্ঘ দিন ধৰি নাগালেণ্ড চৰকাৰে এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সীমিত আসনৰ ব্যৱস্থা কৰি আহিছে।
ইয়াত কোৱা হৈছে যে বিগত কেইবছৰত উপৰোক্ত পাঠ্যক্ৰমৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা নাই।
অল নাগালেণ্ড কলেজ ষ্টুডেণ্টছ ইউনিয়নে মন্তব্য কৰিছে যে শেহতীয়াভাৱে এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থী যথেষ্ট বৃদ্ধি হৈ আহিছে যদিও অত্যন্ত সীমিত সখ্যক আসমনৰ বাবে বহুতো শিক্ষাৰ্থী এইসমূহ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পৰা বঞ্চিত হৈছে।
সীমিত আসনৰ হেতুকে এমবিবিএছ আৰু বিডিএছত নামভৰ্তি কৰিব বিচৰা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী প্ৰতি বছৰে বঞ্চিত হৈ আহিছে বুলি ছাত্ৰ গোটটোৱে উল্লেখ কৰিছে।
অল নাগালেণ্ড কলেজ ষ্টুডেণ্টছ ইউনিয়নে আশা প্ৰকাশ কৰে যে সংশ্লিষ্ট মন্ত্ৰ্যালয়ৰ পৰা নাগালেণ্ড চৰকাৰে এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ বাবে অতিৰিক্ত আসনৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ইয়ে ছাত্ৰ সম্প্ৰদায়ৰ লগতে সামগ্ৰিকভাৱে নাগা সমাজক উপকৃত কৰিব বুলি মন্তব্য কৰে।