এ পি এছ চিত ব্যাপক সংস্কাৰৰ লক্ষ্য : এম পি বেজবৰুৱাৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ চৰকাৰৰ

apsc_office_pic

মূৰৰ পৰাই গেলিবলৈ ধৰা অসম লোকসভা আয়োগত অৱশেষত সংস্কাৰৰ বাট এটা মুকলি হৈছে। ৰাকেশ পাল বাহিনী তথা ৰাজনৈতিক নেতাৰ হস্তক্ষেপত এক প্ৰকাৰৰ ধ্বংসস্তূপত পৰিণত হোৱা ৰাজ্য চৰকাৰৰ অধীন এই গুৰুত্বপূৰ্ণ বিভাগটোত সংস্কাৰৰ লক্ষ্যৰে চৰকাৰে এম পি বেজবৰুৱা কমিটি গঠন কৰি দিছিল।এই কমিটিৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰাৰ পিছত এতিয়া চৰকাৰে প্ৰতিবেদনখনক ভিত্তি কৰি কিছুমান গুৰুত্বপূৰ্ণ সংস্কাৰমূলক পদক্ষেপ লোৱাৰ বাবে সাজু হৈছে।

চৰকাৰৰ এটা সূত্ৰই জনোৱা মতে ২০১৮ চনৰ ভিতৰত অসম লোকসেৱা আয়োগৰ সংস্কাৰ সম্পূৰ্ণ কৰা হ’ব আৰু দুৰ্নীতিয়ে যাতে সহজে খোপনি ল’ব নোৱাৰে তাৰো ব্যৱস্থা কৰা হ’ব।

সূত্ৰটোৱে জনোৱা মতে যোৱা ৭ ডিচেম্বৰত কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ তথা প্ৰশিক্ষণ বিভাগৰ এখন উচ্চ পৰ্য্যায়ৰ বৈঠকত অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। এম পি বেজবৰুৱাৰ প্ৰতিবেদনৰ ভিত্তিত আয়োগটোৰ সংস্কাৰৰ বাবে বিস্তৃত প্ৰস্তাৱ দাখিল কৰিবলৈ অসম চৰকাৰৰ যুটীয়া সচিব দেৱজ্যোতি দত্তক দায়িত্ব দিয়া হৈছে। তেওঁক প্ৰতিটো বিভাগৰ বিষয়া নিযুক্তি পদ্ধতি সন্দৰ্ভত তথ্য ল’বলৈও দায়িত্ব দিয়া হৈছে।

উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগত হোৱা দুৰ্নীতিয়ে ৰাজ্যজুৰি খলকনি সৃষ্টি কৰাৰ পিছত আয়োগৰ দ্বাৰা পতা পৰীক্ষা আৰু তাৰ ভিত্তিত হোৱা নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত নৱ প্ৰজন্মৰ আস্থা একেবাৰে কমি গৈছিল। ইয়াৰ বাবেই আৰু লগতে মেধাৱীসকল যাতে উপযুক্ত স্থানৰ পৰা বঞ্চিত নহয়, সেইটো লক্ষ্য কৰিয়ে চৰকাৰে আয়োগৰ আমূল পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে বুলি জানিব পৰা গৈছে।