এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত ৰাজনৈতিকভাৱে পৰিচালিত বুলি অভিযোগ তুলিলে বিজেপিৰ সাংসদ আৰ পি শৰ্মাই

RP_Sharma

সাংসদ আৰ পি শৰ্মাৰ ফাইল ফটো

নিজৰ জীয়েকৰ নাম জড়িত হৈ পৰাৰ পিছতে এ পি এছ চিৰ বহু চৰ্চিত কেলেংকাৰিৰ তদন্ত ৰাজনৈতিক মতলৱেৰে পৰিচালিত হোৱাৰ অভিযোগ তুলিলে তেজপুৰৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই। আজি এখন সংবাদমেলত সাংসদজনে অভিযোগ কৰে যে বিজেপি দলৰে প্ৰভাৱশালী নেতাৰ ৰাজনৈতিক ষড়য্ন্ত্ৰৰ বলি হৈছে তেওঁ আৰু তেওঁৰ জীয়েক।

উল্লেখযোগ্য যে ১৪ জুলাইত এ পি এছ চিৰ বৃহৎ কেলেংকাৰিটোৰ তদন্তকাৰী আৰক্ষীয়ে তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মাকে ধৰি নতুনকৈ ১৯জন বিষয়ালৈ জাননী দিছিল।

ইয়াৰ পিছতে আজি আৰ পি শৰ্মাই এখন সংবাদমেলত তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হোৱাৰ অভিযোগ তোলে। নাম উল্লেখ নকৰাকৈ তেওঁ আঙুলি টোঁৱাই বিজেপি দলত ক্ষমতাশালী নেতা হিচাপে থকা বিশেষ নেতালৈ। শৰ্মাই কয় যে এই নেতাজনৰ আগৰ পৰাই তেওঁৰ লগত সম্পৰ্ক বেয়া। তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰতে এই তদন্ত বাছি বাছি কৰা বুলি অভিযোগ কৰে।

“ছিলেকটিভলি যে হৈছে এইবিলাক কাম আগৰ পৰাই আমি জানিছিলো। কিন্তু ভিতৰি ভিতৰি। কোনোবা অলপ পাৱাৰফুল ৰাজনৈতিক নেতাৰ মানুহবোৰ বাদ পৰিছে। নামো ওলাইছিল পেপাৰবিলাকত।” এইদৰে কয় সাংসদজনে।

“বিশেষকৈ মোক এক-ডেৰ বছৰৰ পৰাই টাৰ্গেট কৰা হৈছে। আমাৰ দলৰ ভিতৰতে আছে। বেছি নহয় দুই তিনিজন মানুহ আছে। পাৱাৰফুল মানুহ।” আৰ পি শৰ্মাই কয়। তেওঁ কয় যে অহা লোকসভা নিৰ্বাচনৰ বাবে টিকট বিচাৰিব যাতে নোৱাৰে তাৰ বাবেই তেওঁৰ জীয়েকক কেলেংকাৰিত সাঙোৰা হৈছে। “টিকট বিচৰা মানুহ বেছি হৈ গ’ল। আঠ-দহজন মানুহে টিকট বিচাৰিছে। আৰু এটা প্ৰতিশোধমূলক দিশো আছে। এইটো এটা পলিটিকেল টাৰ্গেট।” এইদৰে কয় শৰ্মাই। তাৎপৰ্য্যপূৰ্ণভাৱে ফৰেনছিকৰ প্ৰতিবেদনো জালিয়াতি হয় বুলি সংবাদমেলত দাবী কৰে তেওঁ।

আনহাতে জীয়েকক ৰাজসাক্ষী কৰিব বুলি উঠা গুজৱ নাকচ কৰে সাংসদজনে। তেওঁ কয়, “মই মৰি যাম, কিন্তু ছোৱালীক ৰাজসাক্ষী নবনাওঁ। দোষী সাব্যস্ত হ’লে মোৰ কন্যাই নহয়, ময়ো যাম জে’ললৈ।” এইদৰে কয় সাংসদগৰাকীয়ে।

অতি তাৎপৰ্য্যপূৰ্ণভাৱে, সৎসংগ বিহাৰৰ সৈতে সম্পৰ্ক থকা আৰু তাত ৰাকেশ পালক লগ কৰাৰ কথা স্বীকাৰ কৰে সাংসদজনে। তেওঁ কয়, “সৎসংগ বিহাৰত ময়ো দীক্ষিত। সেইসূত্ৰে ৫ বছৰৰ আগতে লগ পাইছিলো ৰাকেশ পালক। পালক লগ পোৱা মানেই কেলেংকাৰিত জড়িত হ’ব পাৰে নেকি?” আৰ পি শৰ্মাৰ প্ৰশ্ন।

এইখিনিতে উল্লেখযোগ্য যে উলুবাৰীস্থিত সৎসংগ বিহাৰক ৰাকেশ পালে বহুতৰ সৈতে ‘ধনৰ বিনিময়ত চাকৰি’ কেলেংকাৰিটোৰ মূল কেন্দ্ৰ ৰূপে ব্যৱহাৰ কৰিছিল বুলি সৰ্বত্ৰে চৰ্চা চলি আছে আৰু এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তত এই ধৰ্মীয় কেন্দ্ৰটোও সাঙোৰ খাই পৰিছে।

আনহাতে, তেওঁ জীয়েকক বচাবৰ বাবে কাকো তোষামোদ নকৰে বুলি কয়। তেওঁ কয়, “মুখ্যমন্ত্ৰী, দিল্লী, নাগপুৰক মই অনুৰোধ নকৰোঁ। ২০১৩ চনৰ পৰাই মই নাগপুৰৰ মুখ দেখা নাই।”