NORTHEAST NOW (Assamese)

এ পি এছ চিৰ উত্তৰবহী উদ্ধাৰ হোৱা ফ্লেটটোৰ গৰাকী গোপাল চন্দ্ৰ বৰাক ডিব্ৰুগড় আৰক্ষীৰ জেৰা

April 28, 2018 9:46 pm · অভিক চক্ৰবৰ্তী
Updated: April 28, 2018 9:50 pm

যোৱা ২৫ এপ্ৰিলত গুৱাহাটীৰ ভঙাগড়স্থিত অম্বিকা শ্ৰী হৰি এপাৰ্টমেন্টৰ এটা ফ্লেটত এ পি এছ চিৰ উত্তৰবহী জব্দ হোৱা ঘটনা সংক্ৰান্তত উক্ত  ফ্লেটটোৰ গৰাকী গোপাল চন্দ্ৰ বৰাক আজি ডিব্ৰুগড় আৰক্ষীয়ে জেৰা চলায়।

ডিব্ৰুগড় আৰক্ষী থানাত আজি পুৱাৰে পৰা ৬ ঘণ্টাতকৈ অধিক সময়ধৰি জেৰা চলোৱাৰ অন্তত আৰক্ষীয়ে তেওঁক জাবলৈ অনুমতি দিয়ে।

উল্লেখযোগ্য যে ২৫ এপ্ৰিলৰ মাজৰাতি ডিব্ৰুগড় আৰক্ষীয়ে ভঙাগড়ৰ শ্ৰী হৰি এপাৰ্টমেন্টৰ ৫ম মহলাত থকা গোৱালপাৰাৰ দুধনৈৰ ঠিকাদাৰ গোপাল চন্দ্ৰ বৰাৰ ফ্লেটৰ পৰা ’ পি এছ চি ( APSC )ৰ ২০০ খন নিলিখা বহীৰ লগতে আন ৩০০ খন উত্তৰ বহী উদ্ধাৰ কৰিছিল।

অসম লোকসেৱা আয়োগৰ ল’গ’ থকা জব্দ কৰা উত্তৰ বহীসমূহ পিছত ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

লোকজনক জেৰা কৰাৰ কথা জানিবলৈ দি ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধিক্ষক সুৰজিত সিং পানেশ্বৰে কয় যে বৰাই জনোৱা মতে তেওঁ এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক ফ্লেটটো ভাড়াত দিছিল। ১৫ দিন পূৰ্বে ৰাকেশ পালৰ পত্নীয়ে বৰাক ফ্লেটৰ চাবি উভতাই দিছিল বুলি তেওঁ আৰক্ষীৰ আগত উল্লেখ কৰে।

বৰ্তমান তেওঁক যাবলৈ দিয়া হৈছে বুলি জানিবলৈ দি পানেশ্বৰে কয় যে অহা ৪ মে’ত পুনৰ তেওঁক জেৰাৰ বাবে মাতি পঠিওৱা হৈছে।

Related News