এ পি এছ চি কেলেংকাৰিকলৈ বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত বিষয়টোৱে ৰাজনীতিৰ ক্ষেত্ৰখনতো পানী ঘোলা কৰিবলৈ আৰম্ভ কৰিছে। এ পি এছ চি কেলেংকাৰিৰ সৈতে এইবাৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক সাঙুৰিলে গগৈৰ একালৰ সতীর্থ প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী গৌতম ৰয়ে।
এ পি এছ চি কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পালৰ সৈতে এসময়ত সু-সম্পর্ক ৰক্ষা কৰা প্রাক্তন মন্ত্রী গৌতম ৰয়ক তদন্তৰ আওতালৈ অনা হ’ব বুলি ব্যাপক চৰ্চা চলি থকাৰ মাজতে গৌতম ৰয়ে বিষয়টো আনফালে ঢাল খোৱাবলৈ এইদৰে গগৈক টানি অনাৰ চেষ্টা কৰা দেখা গ’ল।
‘ৰাকেশ পালৰ সৈতে মোতকৈ তৰুণ গগৈৰহে ভাল আছিল। তেওঁহে জানিব ক’ত কি হৈছিল,’– সাংবাদিকৰ প্রশ্নৰ উত্তৰত শনিবাৰে গৌতম ৰয়ে এই বিতর্কিত মন্তব্য আগবঢ়ায়। কেলেংকাৰীৰ মহানায়ক ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ সৈতে ৰয়ৰ এখন ফটো ৰাজহুৱা হোৱাৰ পাছত সৃষ্টি হোৱা প্রতিক্রিয়া সন্দর্ভত ৰয়ে সাংবাদিকৰ আগত এনেধৰণে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘মই এবাৰ মন্দিৰ দর্শন কৰিবলৈ যাওঁতে ৰাজীৱ পালক লগ পাইছিলোঁ। তেওঁৰ সৈতে মোৰ ঘনিষ্ঠতা নাছিল৷’
উল্লেখযোগ্য যে প্রাক্তন মন্ত্রী গৌতম ৰয়ৰ পৰামৰ্শমতেই ৰাকেশ পাল এ পি এছ চিৰ সদস্য নিৰ্বাচিত হৈছিল। আয়োগৰ সদস্য হোৱাৰ পিছত নিজৰ চতুৰতাৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দৃষ্টি আকৰ্ষিত কৰি পাল অধ্যক্ষৰ আসনত বহিছিল।
আনহাতে, ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল এ পি এছ চিৰ নিযুক্তি কেলেংকাৰিত প্রত্যক্ষভাৱে জড়িত হৈ আছে। অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি ৰাজীৱ পাল বৰ্তমানো পলাতক হৈ আছে। ইপিনে, ডিব্রুগড় আৰক্ষীয়ে দুজন প্রাক্তন মন্ত্রীক এ পি এছ চি কেলেংকাৰি সন্দর্ভত জেৰা কৰিব বুলি জানিব পৰা গৈছে আৰু ইয়াত গৌতম ৰয়ৰ নাম ওলাইছে। ইতিপূর্বে সমাজ কল্যাণৰ কোটি টকীয়া কেলেংকাৰি সন্দর্ভত গৌতম ৰয়ক তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই জেৰা কৰিছিল।
তাৎপৰ্যপূৰ্ণভাৱে কালি গৌতম ৰয়ে সাংবাদিকৰ আগত কয় যে ‘এ পি এছ চি কেলেংকাৰিৰ বিষয়ে মই একো নাজানো। প্রাক্তন মুখ্যমন্ত্রীয়েহে জানিব।‘