• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ পি এছ চি : শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব ন্যায়পালিকাক প্ৰভাৱিত কৰিব বিচৰা একাধিক মধ্যভোগী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 9:23 am
APSC-building.-570x320

প্ৰতিনিধিত্বমূলক ছবি

127
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ জামিনৰ বাবে ধনৰ লেনদেনেৰে ন্যায়পালিকাক প্ৰভাৱিত কৰাৰ অপচেষ্টাত জড়িত অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা আৰু দালাল ব্যৱসায়ী সুৰজিৎ চৌধুৰীক যোৱা ২২ জুলাইত গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ এনে একাধিক মধ্যভোগীৰ তথ্য পোহৰলৈ আহিছে।

উক্ত অভিযুক্ত দুজনে বুজাপৰা কৰাৰ  বাবে যোগাযোগ কৰা বুলি অভিযোগ উঠা এজন ন্যায়িক বিষয়াকে ধৰি কমেও চাৰিগৰাকী ন্যায়িক বিষয়াৰ এই ঘটনাৰ সৈতে সম্পৰ্কৰ কথা তদন্তত পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত এগৰাকী মহিলা বিষয়াৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে।

তদন্ত আগবঢ়াব লগে লগে নিতৌ নতুন নতুন তথ্য উদঘাটন হৈছে। ন্যায়িক বিষয়াৰ উপৰি ন্যায়পালিকাৰো গাত কালিমা সনা এই কাণ্ডত এগৰাকী প্ৰভাৱশালী মহিলাকে ধৰি দুজন অধিবক্তাৰ সম্পৰ্ক পোহৰলৈ আহিছে।

ডিব্ৰুগড় আৰক্ষীয়ে উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত অব্যাহত ৰাখিছে আৰু প্ৰতিটো নতুন তথ্যৰ কথা আদালতক অৱগত কৰিছে। ন্যায়পালিকাক জনমানসত হেয় প্ৰতিপন্ন কৰিব পৰা উক্ত অসাধু কাণ্ডৰ বিষয়ে অৱগত হোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টোত কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

আনহাতে, এ পিএছ চি গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত বিষয়াৰ জামিন নিশ্চিত কৰিবলৈ ধৃত অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা আৰু ব্যৱসায়ী তথা বৰ্খাস্ত এ চি এছ পল্লৱী শৰ্মা চৌধুৰীৰ স্বামী সুৰজিৎ চৌধুৰীয়ে প্ৰভাৱশালী অধিবক্তা আৰু ন্যায়িক বিষয়াৰ অসাধু যোগসূত্ৰ ব্যৱহাৰ কৰি এক কোটি টকাৰ লেনদেন কৰাৰ  প্ৰমাণ লাভৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে।

জানিব পৰা মতে, এই চক্ৰটোৱে তেওঁলোকৰ কাৰ্যসিদ্ধিৰ বাবে দিছপুৰৰ প্ৰভাৱশালী ব্যক্তিৰ প্ৰভাৱো খটুৱাবলৈকো চেষ্টা চলাইছিল। এই সন্দৰ্ভত আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাৰ সহযোগত ইতিমধ্যে সংগ্ৰহ কৰা কাৰিকৰী আৰু পৰিস্থিতিগত সাক্ষ্য প্ৰমাণৰ পুংখানুপুংখ বিশ্লেষণ কৰি তদন্তত আগবাঢ়িছে। তদুপৰি এই চক্ৰটোৱে কাৰ কাৰ পৰা ধন সংগ্ৰহ কৰি কাক ক’ত আদায় দিছিল তাৰো সবিশেষ প্ৰমাণ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

ইতিমধ্যে ধৃত শৰ্মা বৰুৱা আৰু চৌধুৰীয়ে ওদালগুৰিত এক কোটি টকা আদায় দিয়াৰ তথ্য লাভ কৰা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অধিবক্তা শৰ্মা বৰুৱাক লৈ ওদালগুৰিত অভিযান চলায়। ন্যায়াপালিকাক  প্ৰভাৱিত কৰাৰ অপচেষ্টাত জড়িত একাধিক ব্যক্তি শীঘ্ৰে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd