এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ জামিনৰ বাবে ধনৰ লেনদেনেৰে ন্যায়পালিকাক প্ৰভাৱিত কৰাৰ অপচেষ্টাত জড়িত অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা আৰু দালাল ব্যৱসায়ী সুৰজিৎ চৌধুৰীক যোৱা ২২ জুলাইত গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ এনে একাধিক মধ্যভোগীৰ তথ্য পোহৰলৈ আহিছে।
উক্ত অভিযুক্ত দুজনে বুজাপৰা কৰাৰ বাবে যোগাযোগ কৰা বুলি অভিযোগ উঠা এজন ন্যায়িক বিষয়াকে ধৰি কমেও চাৰিগৰাকী ন্যায়িক বিষয়াৰ এই ঘটনাৰ সৈতে সম্পৰ্কৰ কথা তদন্তত পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত এগৰাকী মহিলা বিষয়াৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে।
তদন্ত আগবঢ়াব লগে লগে নিতৌ নতুন নতুন তথ্য উদঘাটন হৈছে। ন্যায়িক বিষয়াৰ উপৰি ন্যায়পালিকাৰো গাত কালিমা সনা এই কাণ্ডত এগৰাকী প্ৰভাৱশালী মহিলাকে ধৰি দুজন অধিবক্তাৰ সম্পৰ্ক পোহৰলৈ আহিছে।
ডিব্ৰুগড় আৰক্ষীয়ে উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত অব্যাহত ৰাখিছে আৰু প্ৰতিটো নতুন তথ্যৰ কথা আদালতক অৱগত কৰিছে। ন্যায়পালিকাক জনমানসত হেয় প্ৰতিপন্ন কৰিব পৰা উক্ত অসাধু কাণ্ডৰ বিষয়ে অৱগত হোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টোত কঠোৰ স্থিতি গ্ৰহণ কৰিছে।
আনহাতে, এ পিএছ চি গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত বিষয়াৰ জামিন নিশ্চিত কৰিবলৈ ধৃত অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱা আৰু ব্যৱসায়ী তথা বৰ্খাস্ত এ চি এছ পল্লৱী শৰ্মা চৌধুৰীৰ স্বামী সুৰজিৎ চৌধুৰীয়ে প্ৰভাৱশালী অধিবক্তা আৰু ন্যায়িক বিষয়াৰ অসাধু যোগসূত্ৰ ব্যৱহাৰ কৰি এক কোটি টকাৰ লেনদেন কৰাৰ প্ৰমাণ লাভৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে।
জানিব পৰা মতে, এই চক্ৰটোৱে তেওঁলোকৰ কাৰ্যসিদ্ধিৰ বাবে দিছপুৰৰ প্ৰভাৱশালী ব্যক্তিৰ প্ৰভাৱো খটুৱাবলৈকো চেষ্টা চলাইছিল। এই সন্দৰ্ভত আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাৰ সহযোগত ইতিমধ্যে সংগ্ৰহ কৰা কাৰিকৰী আৰু পৰিস্থিতিগত সাক্ষ্য প্ৰমাণৰ পুংখানুপুংখ বিশ্লেষণ কৰি তদন্তত আগবাঢ়িছে। তদুপৰি এই চক্ৰটোৱে কাৰ কাৰ পৰা ধন সংগ্ৰহ কৰি কাক ক’ত আদায় দিছিল তাৰো সবিশেষ প্ৰমাণ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
ইতিমধ্যে ধৃত শৰ্মা বৰুৱা আৰু চৌধুৰীয়ে ওদালগুৰিত এক কোটি টকা আদায় দিয়াৰ তথ্য লাভ কৰা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অধিবক্তা শৰ্মা বৰুৱাক লৈ ওদালগুৰিত অভিযান চলায়। ন্যায়াপালিকাক প্ৰভাৱিত কৰাৰ অপচেষ্টাত জড়িত একাধিক ব্যক্তি শীঘ্ৰে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।