NORTHEAST NOW (Assamese)

ওদালগুৰিত আৰক্ষীৰ জালত ৫ জনীয়া দুৰ্ধৰ্ষ চোৰৰ দল

July 7, 2018 10:24 pm · ছাজিদ খান

এক গোপন সূত্ৰৰ পম খেদি ওদালগুৰি জিলাৰ টংলা আৰক্ষীৰ এটা দলে শুক্ৰবাৰে টংলা আৰক্ষী থানাৰ অন্তৰ্গত টংলা সাপ্তাহিক বজাৰৰ পৰা এটা ৫ জনীয়া দুৰ্ধৰ্ষ চোৰৰ দল আটক কৰে।

ধৃত চোৰকেইজনক হৰিছিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাৰ ৰাজেন্দ্ৰ ৰাজবংশী (১৯), অজয় পূজাৰী (১৯), শিৱ পৰিগা (২১) আৰু অশোক তাঁতি (২৪) তথা পানেৰি আৰক্ষী থানাৰ তেলিয়াপাৰাৰ বাসিন্দা বিনোদ নায়ক (২৫) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে ধৃত চোৰৰ দলটোৱে টংলা সাপ্তাহিক বজাৰত সংঘটিত কেইবাটাও চুৰি কাৰ্যৰ সৈতে জড়িত। মিণ্টু দাস নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এক গোচৰৰ ভিত্তিত টংলা আৰক্ষীয়ে কালি চোৰৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই জনোৱা মতে ভাৰতীয় দণ্ড বিধিৰ ৩৯২ ধাৰাৰ অধীনত ১০৮/১৮ নং এক গোচৰ ৰুজু কৰি টংলা আৰক্ষীয়ে আটক কৰা চোৰৰ দলটোক আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

চুৰি কাৰ্যৰে ইমানদিনে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰৰ দলটোক আটক কৰাত স্থানীয় লোকসকলে আৰক্ষী প্ৰসাশনক প্ৰশংসা কৰে।

 

Related News