ওদালগুৰিত গুৰু গোবিন্দ সিঙৰ জন্মদিৱস উদযাপন

গুৰু গোবিন্দ সিঙ

ওদালগুৰিৰ টংলাত দৰং আৰু ওদালগুৰিৰ শিখসকলে ব্যাপক উৎসাহ আৰু ধৰ্মীয় নিষ্ঠাৰে গুৰু গোবিন্দ সিঙৰ ৩৫০ সংখ্যক জন্মদিৱস উদযাপন কৰে।

টংলাৰ শ্ৰী গুৰু সিং সভা গুৰুদ্বাৰাত এই অনুষ্ঠানটো আয়োজিত হৈছিল। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাৰী আৰু শিশুকে ধৰি অগণন ভক্তই ৰাতিপুৱাৰে পৰা গুৰুদ্বাৰাটোত সমৱেত হয় আৰু প্রাৰ্থনাত অংশ গ্ৰহণ কৰে।

ভক্তসকলে চুখমনি চাহিবৰ বাণীসমূহ আওৰায় আৰু মানুহৰ মাজলৈ প্ৰেম আৰু সম্প্ৰীতিৰ বাণী বহন কৰা কীৰ্তন পাঠ কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শিখসকলে তেওঁলোকৰ দশম তথা অন্তিমজন গুৰু গুৰু গোবিন্দ সিঙৰ জন্মদিৱস গুৰু গোবিন্দ সিং জয়ন্তী হিচাপে উদযাপন কৰি আহিছে। এই ধৰ্মীয় উৎসৱটো সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা আগবঢ়োৱা হয়।