কংগ্ৰেছত যোগদান বিটিচিৰ এমচিএলএ ৰবাৰ্ট নাৰ্জাৰীৰ

Robert Narzary

ৰবাৰ্ট নাৰ্জাৰীৰ ফাইল ফটো

বিটিচিৰ এমচিএলএ ৰবাৰ্ট নাৰ্জাৰীয়ে বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। ওদালগুৰিস্থিত ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি বিষ্টিকিমাৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলৰ এখন কাৰ্যনিৰ্বাহক বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্গা দাসবড়োৰ উপস্থিতিত এমচিএলএ নাৰ্জাৰীয়ে কংগ্ৰেছত যোগদান কৰে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুৰ্গা দাসবড়োৱে নেতাগৰাকীক এখন ফুলাম গামোছাৰে শুভেচ্ছা জ্ঞাপন কৰি কংগ্ৰেছ দললৈ আদৰণি জনায়।

ইফালে নাৰ্জাৰীৰ কংগ্ৰেছ দলত যোগদানে বিটিচিত কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি শক্তিশালী হোৱাৰ সম্ভাৱনাই দেখা দিয়াৰ লগতে নেতাগৰাকীৰ কংগ্ৰেছত যোগদানে ৰাজনৈতিক মহলত তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে বিবেচিত হোৱাৰ উপৰি তেওঁৰ এই যোগদানে বিপিএফক অধিক ক্ষতি কৰিব বুলি সকলোৱে ধাৰণা কৰিছে।

উল্লেখ্য যে বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত ৰবাৰ্ট নাৰ্জাৰীয়ে ধনশ্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়াই বিপিএফৰ প্ৰভাৱশালী নেতা তথা কাৰ্যকৰী সদস্য মিঠাৰাম বসুমতাৰীক সহজে পৰাস্ত কৰি এক প্ৰকাৰ চমক সৃষ্টি কৰি এমচিএলএ হিচাপে নিৰ্বাচিত হৈছিল।