কংগ্ৰেছৰ দিনত স্থাপিত উদ্যোগৰ ‘নাম’ লৈছে বিজেপিয়ে, ৰাজহুৱা কৰক ‘ঔদ্যোগিক স্মাৰকপত্ৰ’ : দাবী প্ৰদ্যুৎ বৰদলৈৰ

Pradyut-Bordoloi

প্ৰদ্যুৎ বৰদলৈ। ফাইল ফটো

গুৱাহাটীত আয়োজিত বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাক মুহূৰ্তত বৰ্তমানৰ বিজেপি চৰকাৰৰ দাবী আৰু বিনিয়োগ উদ্যোগক লৈ গুৰুতৰ প্ৰশ্ন তুলিছে কংগ্ৰেছী নেতা, প্ৰাক্তন উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে।

সোণোৱাল চৰকাৰে অসমৰ মুঠ ঘৰুৱা উৎপাদন ১৩ শতাংশ হাৰত বৃদ্ধি হোৱা বুলি চলাই অহা প্ৰচাৰ মিছা বুলি উল্লেখ কৰি আজি গুৱাহাটীত এক সংবাদমেলত বৰদলৈয়ে দাবী কৰে যে আচলতে এতিয়া এই পৰিমাণ মাত্ৰ ৪ শতাংশহে।

‘কংগ্ৰেছ চৰকাৰৰ দিনত’ অসমত প্ৰতিষ্ঠা হোৱা উদ্যোগসমূহৰ ‘নাম’ এতিয়াৰ চৰকাৰে লোৱা বুলি অভিযোগ কৰি ‘তাৰ বিপৰীতে কাৰ্য্যতঃ অসমত কোনো বিনিয়োগ হোৱা নাই‘ বুলি দাবী কৰে।

সন্মিলন উপলক্ষে আয়োজিত ৰ’ড শ্ব’সমূহত  মুখ্য মন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলে বিজেপিৰ ডেৰ বছৰত অসমত ৭,০০০ কোটি টকা বিনিয়োগ হোৱা বুলি কৰা দাবী তেওঁ খণ্ডন কৰে।

তেওঁ অভিযোগ তোলে যে এই ৭০০০ কোটি টকাৰ হিচাপৰ বাবে ঔদ্যোগিক স্মাৰকপত্ৰসমূহ(Industrial Entrepreneurs Memorandums) বিভাগীয়ভাৱে প্ৰকাশ কৰিবলৈ ‘তিনি-চাৰিবাৰকৈ প্ৰত্যাহ্বান জনোৱাৰ পিছতো সোণোৱাল চৰকাৰ নিৰ্বিকাৰ হৈ আছে’।

তেওঁ বিশ্ব বিনিয়োগকাৰী সন্মিলনক আদৰণি জনাই কয় যে অসমত ‘নতুন বিনিয়োগ হ’লে যুৱক-যুৱতীসকলৰ বাবে ন ন কৰ্ম-সংস্থাপনৰ বাট মুকলি হ’ব আৰু জনসাধাৰণৰ জীৱন-যাপনৰ মানৰ উত্তৰণ ঘটিব‘।

‘দুদিনত প্ৰায় ৪০ কোটি টকা খৰচ কৰি’ বিজেপি চৰকাৰে পতা এই ‘মহামেলা’ ‘ফুটুকাৰ ফেন হোৱাটো আমি নিবিচাৰো’ বুলি বৰদলৈয়ে মন্তব্য কৰে।

তেওঁ অভিযোগ কৰে যে ‘পতঞ্জলিৰ সুবিধা হোৱাকৈ‘ উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ উন্নীতকৰণ আঁচনি (NEIIP)খন ম্যাদ উকলিবলৈ তিনিমাহ বাকী থকা সত্বেও চৰকাৰে বন্ধ কৰি দিয়ে।

২০০৭ৰ পৰা ২০১৫ চনলৈকে অসমত গেছ ক্ৰেকাৰ প্ৰকল্পকে ধৰি ১৯,৮৯০ কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছিল বুলিও তেওঁ দাবী কৰে।

এডভান্টে’জ আছামৰ নামত মহানগৰীখনক চীনত নিৰ্মিত লাইটেৰে সজাই পৰাই ৰঙচঙীয়া কৰা বুলি তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰে।