কমনৱেল্থ গেমছলৈ নিৰ্বাচিত তিনি মহিলা খেলুৱৈক শুভেচ্ছা অসম ছাত্ৰ আৰু যুৱ কল্যাণ সংস্থাৰ

commonwealth games

আগন্তুক কমনৱেল্থ গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰা অসমৰ তিনিগৰাকী মহিলা এথলেটিকক বৃহস্পতিবাৰে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অসম ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ সমতিৰ সদস্য সচিব লক্ষ্য কোৱঁৰে শুভেচ্ছা প্ৰদান কৰে।

৪ৰ পৰা ১৫ এপ্ৰিললৈ অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড চহৰৰ গ’ল্ড কোষ্টত চলিব লগা বহু প্ৰত্যাশিত কমনৱেল্থ গেমছৰ বাবে অসমৰ পৰা নিৰ্বাচিত হোৱা তিনিগৰাকী মহিলা খেলুৱৈ ক্ৰমে হিমা দাস (এথলেটিকছ), লভলীনা বৰগোহাঁই (বক্সিং) আৰু নয়নমণি শইকীয়া (লন টেনিছ)ই ভাৰতীয় দলৰ হৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে কমনৱেল্থ গেমছলৈ নিৰ্বাচিত অসমৰ এই তিনিগৰাকী খেলুৱৈক উৎসাহ জগোৱাৰ উদ্দেশ্যে নাৰী দিৱসৰ দিনাই ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ সমতিৰ তৰফৰ পৰা ৫০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে।

এই সন্দৰ্ভত সদস্য সচিবগৰাকীয়ে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা অসমৰ বাবে এক গৌৰৱৰ বিষয় যে আমাৰ তিনিগৰাকী মহিলা খেলুৱৈয়ে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল’ব।

খেলুৱৈ তিনিগৰাকীয়ে প্ৰতিযোগিতাখনত উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা প্ৰদান কৰে কোৱঁৰে।

আনহাতে অসমৰ খেলুৱৈৰ এনেধৰণৰ ধাৰাবাহিক সাফল্যই অনাগত দিনত গুৱাহাটীক দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ ৰাজধানী কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি সপোন সেয়া বাস্তৱত পৰিণত কৰাত যথেষ্ট সহায়ক হ’ব বুলি ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ সমতিৰ সদস্য সচিব লক্ষ্য কোৱঁৰে প্ৰকাশ কৰে।